ডিফু, ৯ ফেব্রুৱাৰী: চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্রত চৰকাৰে সম্পূর্ণ নিকা নীতি গ্রহণ কৰা বুলি বিভিন্ন সভা-সমিতিত ঘােষণা কৰাৰ সময়তে কেন্দ্রীয় চৰকাৰৰ এখন অভিলাষী ‘আঁচনি প্রধানমন্ত্রী আবাস যােজনা(গ্রামীণ)’ৰ ৰূপায়ণৰ ক্ষেত্রত কাৰ্বি-আংলং জিলাত ব্যাপক দুর্নীতি সংঘটিত হােৱাৰ গুৰুতৰ অভিযােগ উত্থাপিত হৈছে । মঙলবাৰে কার্বি-আংলং জিলাৰ ডিফুস্থিত জিলা প্রেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি আঁচনিখনৰ ৰূপয়াণৰ নামত অনিয়ম সংঘটিত হােৱাৰ অভিযােগ উত্থাপন কৰিছে জিলাখনৰ অন্যতম ছাত্র সংগঠন সন্মিলিত কার্বি-আংলং জিলা ছাত্র পৰিষদ ওৰফে 'উছুকা'ই ।
প্রধানমন্ত্রী আৱাস যােজনাৰ গৃহসমূহৰ নিৰ্মাণৰ কাম সম্পূর্ণ নকৰাকৈয়ে আবণ্টিত সমস্ত ধন মােকলাই নিয়া হৈছে বুলি অভিযােগ উত্থাপন কৰে সংগঠনটোৱে । তেওঁলোকে কয় যে, কিছুমান ঘৰত টিনপাত নলগােৱাকৈ ৰখা হৈছে, আন কিছুমানত বেৰৰ প্লাষ্টাৰ কৰা হোৱা নাই । কিছুমান ঘৰত বাঁহৰ বেৰৰ ওপৰতে চিমেন্টৰ প্ৰলেপ দি নিম্নমানৰ কাম কৰা হৈছে বুলি অভিযোগ তুলিছে । ছাত্র সংগঠনটোৰ সভাপতি আৰু সম্পাদক ক্রমে বিবিচন টেৰণ আৰু জিন্টু হাজৰিকাই এই দুর্নীতিৰ সৈতে খণ্ড উন্নয়ন বিষয়া, কনিষ্ঠ অভিযন্তা, গ্রামসেৱক-গ্রামসেৱিকাৰ লগতে শাসকীয় বিজেপি দলৰ একাংশ নেতা-পালিনেতাও জড়িত থকাৰ অভিযােগ উত্থাপন কৰে ।