ডিফু, ৪ এপ্ৰিল :আগন্তুক 28 এপ্ৰিলত অসমভূমিত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (PM Modi's Assam tour) ৷ অসমত উপস্থিত হৈ কাৰ্বি আংলং জিলাৰ হাওৰাঘাট মহকুমাৰ অন্তৰ্গত ৰংকুটৰ লৰিনথেপিত প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন ৰাজহুৱা সভাক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰিব (PM Modi will visit in Karbi Anglong) ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্বি আংলং জিলা ভ্ৰমণক কেন্দ্ৰ কৰি ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ৷
ইয়াৰ পূৰ্বে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাৰ্বি আংলঙলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ আগন্তুক ১৫,১৬ আৰু ১৭ এপ্ৰিলত ডিফুত কটাবলগীয়া মুখ্যমন্ত্ৰীগৰাকীৰ ভ্ৰমণ সূচীকলৈও ইতিমধ্যে চৰকাৰ, প্ৰশাসনৰ মাজত তৎপৰতা বৃদ্ধি পাইছে (Assam CM Karbi Anglong visit) ৷
ইয়াৰে অংশ হিচাপে সোমবাৰে দিনৰ ১০ বজাত ডিফুৰ মাটিপুংস্থিত আৰবৰেটাম এণ্ড ক্ৰাফট চেণ্টাৰ ভৱনত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলাখনৰ তিনিগৰাকী বিধায়ক পৰিষদৰ কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য, পৰিষদৰ প্ৰধান সচিব, ৰাজ্য আৰু পৰিষদৰ অধীনস্থ চৰকাৰী বিভাগসমূহৰ মূৰব্বীসকল, পৰিষদৰ সচিবসকলৰ উপস্থিতিত সভাখনত দেশৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ভ্ৰমণ সূচী সম্পৰ্কে সবিস্তাৰে আলোচনা কৰা হয় ৷