অসম

assam

ETV Bharat / state

প্লাষ্টিকৰ চাউল খাই ৰোগাক্ৰান্ত হৈছে শিলনীজানৰ একাংশ ৰাইজ - অসাধু ব্যৱসায়ী

কাৰ্বি আংলঙৰ শিলনীজানত প্লাষ্টিকৰ চাউল খাই অসুখত ভোগাৰ অভিযোগ তুলিছে ৰাইজে ৷ এই অভিযোগৰ পিছত বিভিন্ন বিভাগে এই নমুনা সংগ্ৰহ কৰি আৰম্ভ কৰিছে তদন্ত ৷

plastic-rice-found-in-silonijan-of-karbianglang-assam
প্লাষ্টিকৰ চাউল খাই ৰোগাক্ৰান্ত হৈছে শিলনীজানৰ একাংশ ৰাইজ

By

Published : Jun 23, 2021, 10:49 PM IST

সৰুপথাৰ, 23 জুন : ৰাজ্যৰ বজাৰত অসাধু ব্যৱসায়ীয়ে নিতৌ নতুন নতুন পদ্ধতিৰে কেৱলমাত্ৰ অধিক লাভ সংগ্ৰহৰ লক্ষ্যৰে উপভোক্তাৰ দৈনন্দিন জীৱন কষ্টকৰ কৰি তুলিছে ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ কৃত্ৰিম মূল্যবৃদ্ধিৰ দ্বাৰা সততে বজাৰত জুই জ্বলাই সৰ্বসাধাৰণ ৰাইজক শলঠেকত পেলাই আহিছে এইসকল অসাধু ব্যৱসায়ীয়ে ৷ কিন্তু সিমানতে সীমাবদ্ধ হৈ নাথাকি বিভিন্ন সময়ত ভেজাল সামগ্ৰীৰ বিক্ৰী কৰি উপভোক্তাৰ জীৱনলৈকো সময়ে-সময়ে ভাবুকি কঢ়িয়াই আনিছে এইসকল অসাধু ব্যৱসায়ীয়ে ৷

প্লাষ্টিকৰ চাউল খাই ৰোগাক্ৰান্ত হৈছে শিলনীজানৰ একাংশ ৰাইজ

শেহতীয়াকৈ, গোলাঘাট জিলাৰ বৰপথাৰৰ সমীপৱৰ্তী তথা কাৰ্বি আংলং জিলাৰ শিলনীজানত সংঘটিত হৈছে এক অনুৰূপ ধৰণৰ ঘটনা । অঞ্চলটোৰ এখন সুলভ মূল্যৰ দোকানৰ চাউলৰ মাজত পোৱা গ’ল প্লাষ্টিকৰ চাউল । ইতিমধ্যে এনে ভেজাল চাউল ক্ৰয় কৰি এই চাউলৰ ভাত খাই পেটৰ অসুখত ভোগাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ বিভিন্নজনে । উল্লেখযোগ্য যে, শিলনীজানত থকা সমবায় সমিতিখনৰ পৰা ক্ৰয় কৰা চাউলৰ ভাত খায়েই এই ধৰণৰ অসুখ হোৱাৰ অভিযোগ তুলিছে বহুকেইজনে ।

ইফালে প্লাষ্টিকৰ চাউলৰ অস্তিত্বৰ অভিযোগ প্ৰকাশ পোৱাৰ পিছত বিভিন্ন বিভাগৰ বিষয়াই ইতিমধ্যে সংগ্ৰহ কৰিছে এই চাউলৰ নমুনা । এই অভিযোগৰ পিছত সম্প্ৰতি বন্ধ ৰখা হৈছে সমিতিখনৰ চাউল বিতৰণ কাৰ্য । সমগ্ৰ বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে শিলনীজানবাসীয়ে ৷

লগতে পঢ়ক :অসমত সঁচাকৈয়ে কংগ্ৰেছ(Congress) নিঃচিহ্ন হ'বগৈ নেকি ?

ABOUT THE AUTHOR

...view details