ডিফু,৩১ জানুৱাৰী :27 জানুৱাৰীত কাৰ্বি আংলং জিলাৰ ধনশিৰিত গুলীয়াগুলী ঘটনা সংঘটিত হোৱা পিচতে বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ বিভিন্ন দল সংগঠনে ধনশিৰি উচ্চতৰ মাধামিক বিদ্যালয়ৰ খেলপথাৰত এখন শান্তিসভা অনুষ্ঠিত কৰে । সভাখন অনুষ্ঠিত হোৱাৰ পূৰ্বে সভাস্থলীৰ পৰা ধনশৰি নগৰৰ মাজেৰে এক বিশাল শান্তি সমদল উলিয়াই দল সংগঠনৰ কৰ্মীসকলে ।
সভাত APSLCৰ নেতা তথা প্ৰাক্তন প্রশাসনিক বিষয়া জে আইকাথাৰ, দিলীপ নুনিচাকে ধৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । শতাধিক লােকৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই শান্তি সভাত দুষ্কৃতিকাৰীৰ গুলীত নিহত হোৱা অমিত নুনিচাৰ ব্যক্তিত্ব আৰু কর্মৰাজিৰ ওপৰত সকলােৱে আলােকপাত কৰা হয় ।