ডিফু, ১০ ছেপ্টেম্বৰ :কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ শাসক দল বিজেপিয়ে পৰিষদৰ সমষ্টিয়ে সমষ্টিয়ে Peace and Development নামেৰে ৰাজনৈতিক সমাৱেশ আৰম্ভ কৰিছে ৷ শুকুৰবাৰে ডিফুত পৰিষদৰ লুম্বাজং, ধনশিৰি আৰু সিংহাসন সমষ্টিক সাঙুৰি ৰাজনৈতিক সমাৱেশ বিজেপিৰ বিষয়ববীয়া সকলে ৷
এই সভাৰ জৰিয়তে পৰিষদৰ উন্নয়নমূলক কাম-কাজৰ উপৰি ৪ ছেপ্টেম্বৰত সম্পন্ন হোৱা শান্তি চুক্তিৰ জৰিয়তে পাৰ্বত্য ভূমিত হ'বলগীয়া উন্নয়নৰ কথা সমষ্টিবাসী ৰাইজক অৱগত কৰা হয় । পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰনৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা কংগ্ৰেছৰ প্ৰায় শতাধিক নেতা-কৰ্মীয়ে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷