ডিফু, ৩০ আগষ্ট : কাৰ্বি আংলং জিলাৰ ৬ টা উগ্ৰপন্থী সংগঠনৰ সৈতে অহা ৪ ছেপ্তম্বৰত নতুন দিল্লীত প্ৰস্তাৱিত শান্তিচুক্তি(peace accord) স্বাক্ষৰিত হ’ব ৷ জানিব পৰা মতে, কেএনএলএফ, কেপিএলটিৰ তিনিটা গোট, পিডিচিকে আৰু ইউপিএলএফৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এই চুক্তি স্বাক্ষৰ কৰিব ৷
উল্লেখযোগ্য যে, এই ছয় উগ্ৰপন্থী সংগঠনে বহুদিন পূৰ্বেই অস্ত্ৰ সম্বৰণ কৰি মূল সূঁতিলৈ উভতি আহিছিল ৷ ফেব্ৰুৱাৰী মাহৰ ২৫ তাৰিখে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ(union home minister Amit Shah) কাৰ্বি আংলং ভ্ৰমণলৈ আহোঁতে এই চুক্তি সম্পাদন হোৱাৰ কথা আছিল যদিও স্বাক্ষৰিত নহ'ল ৷
এতিয়া অনাগত ৪ ছেপ্তেম্বৰৰ বিয়লি ৪ বজাত নতুন দিল্লীত এই চুক্তি সম্পন্ন হব বুলি জানিব পৰা গৈছে ৷ কাৰ্বি আংলং জিলাৰ বিভিন্ন জাতীয় সংগঠনৰ লগতে মুঠ ১৬২ জনীয়া এটা দল শান্তি চুক্তি উপলক্ষে নতুন দিল্লীলৈ যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে ৷
মন কৰিব লগীয়া বিষয় যে, উগ্ৰপন্থী সংগঠন কেইটাই শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে যদিও পাৰ্বত্য জিলা কাৰ্বি আংলং অথবা ডিমা-হাছাওত শান্তি ঘূৰি অহা নাই ৷ বিশেষকৈ, শেহতীয়াকৈ বিগত 26 আগষ্টৰ নিশা সন্দেহযুক্ত ডিমাচা নেচনেল লিবাৰেচন আৰ্মি চমুকৈ ডিএনএলএ উগ্ৰপন্থী সংগঠনৰ ভয়ংকৰ আক্ৰমণত পাঁচ গৰাকী ট্ৰাক চালক থিতাতে নিহত হোৱাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ।
আনহাতে, বিগত ১১ জুলাইৰ পুৱাৰ ভাগত পাৰ্বত্য জিলা কাৰ্বি আংলঙত থকা কুকি সকলৰ ৰাজনৈতিক অধিকাৰৰ বাবে গঠন হোৱা ইউনাইটেড পিপুলছ ৰিভ’ল্যুশ্যনাৰী ফ্ৰণ্ট(UPRF) চমুকৈ ইউপিআৰএফৰ স্বয়ম্ভূ সেনাধ্যক্ষ মানগীন খলহৌ ওৰফে বীৰাপ্পান সশস্ত্ৰ সংগঠনটোৰ সতীৰ্থ সকলৰ সৈতে হোৱা প্ৰচণ্ড গুলীয়াগুলীত নিহত হৈছিল ৷ এই ঘটনায়ো পাৰ্বত্য অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷
লগতে পঢ়ক :ডিমা হাছাওত উগ্ৰপন্থীৰ আক্ৰমণত নিহত হ’ল উত্তৰ প্ৰদেশৰ ট্ৰাক চালক