অসম

assam

By

Published : May 12, 2021, 10:28 PM IST

ETV Bharat / state

কাৰ্বিসকলৰ প্রতি আছিল হোমেন বৰগোহাঞিৰ গভীৰ ভালপােৱা: ৰংবং তেৰাং

কাৰ্বি আংলং আৰু কাৰ্বিসকলৰ প্রতি আছিল হোমেন বৰগোহাঞিৰ গভীৰ ভালপােৱা-এই মন্তব্য আগবঢ়াইছে অসমৰ অন্যতম প্রসিদ্ধ সাহিত্যিক, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে । বিশিষ্ট কথাশিল্পী গৰাকীয়ে প্রয়াত বৰগােহাঞিৰ সৈতে কলেজীয়া জীৱনৰ পৰা আদি কৰি সাপ্তাহিক নীলাচলৰ পিছতে অসম সাহিত্য সভাৰ হৈ একেলগে কাম কৰাৰ সময়ৰ অভিজ্ঞতাৰ স্মৃতি সোঁৱৰণ কৰি প্রয়াত সাহিত্যিকগৰাকীয়ে জীৱনজোৰা প্রজ্ঞা আৰু সাধনাৰে অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা মহান অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে ।

padmashree-ronbong-terang-react-on-humen-borgohain-demise
কাৰ্বিসকলৰ প্রতি আছিল হোমেন বৰগোহাঞিৰ গভীৰ ভালপােৱা: ৰংবং তেৰাঙ

ডিফু,১২ মে’: "কাৰ্বি আংলং আৰু কাৰ্বিসকলৰ প্রতি আছিল হোমেন বৰগোহাঞিৰ গভীৰ ভালপােৱা"- এই মন্তব্য আগবঢ়াইছে অসমৰ অন্যতম প্রসিদ্ধ সাহিত্যিক, পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ৰূপকাৰ, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্ৰী ৰংবং তেৰাঙে । অসমৰ বৌদ্ধিক জগতৰ অন্যতম কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, বিশিষ্ট লেখক, সাহিত্যিক, সাংবাদিক, চিন্তাবিদ হােমেন বৰগােহাঞিৰ মৃত্যুৰ পিছতে প্রতিক্রিয়া প্রকাশ কৰি এইদৰে কয় বিশিষ্ট সাহিত্যিক গৰাকীয়ে ।

সাংবাদিকৰে হােৱা বাৰ্তালাপত বিশিষ্ট কথাশিল্পী গৰাকীয়ে প্রয়াত বৰগােহাঞিৰ সৈতে কলেজীয়া জীৱনৰ পৰা আদি কৰি ‘সাপ্তাহিক নীলাচল’ৰ পিছতে অসম সাহিত্য সভাৰ হৈ একেলগে কাম কৰাৰ সময়ৰ অভিজ্ঞতাৰ স্মৃতি সোঁৱৰণ কৰি প্রয়াত সাহিত্যিকগৰাকীয়ে জীৱনজোৰা প্রজ্ঞা আৰু সাধনাৰে অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা মহান অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰে । জীৱনজোৰা সাধনাৰে অসমৰ সাহিত্য জগতত এক জাগৰণৰ সৃষ্টি কৰা বুলি মন্তব্য কৰি বিশ্বকোষ প্রয়াত সাহিত্যিকগৰাকীৰ জীৱনৰ অন্যতম কৃতিত্ব বুলি অভিহিত কৰে ৰংবং তেৰাঙে ।

ৰংবং তেৰাঙৰ শোকপ্ৰকাশ

কার্বি আংলঙৰ প্রতি মহান ব্যক্তিগৰাকীৰ স্নেহৰ প্রসংগ উল্লেখ কৰি কাৰ্বি আংলং তথা কাৰ্বিসকলৰ প্রতি থকা অপাৰ ভালপােৱাৰ বাবেই তেওঁ বহুবাৰ কাৰ্বি আংলঙলৈ আহি ভাগৰি পৰা নাছিল বুলি মন্তব্য কৰে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিগৰাকীয়ে । জিলাখনত এটা বঁটা গ্ৰহণৰ বাবে অন্তিমবাৰৰ বাবে উপস্থিত হােৱাৰ সময়তাে অসমৰ বৌদ্ধিক জগতৰ মহীৰূহ গৰাকীয়ে পুনৰ কাৰ্বি আংলঙলৈ অহাৰ হেঁপাহৰ কথা ব্যক্ত কৰিছিল ৷ সেই আশা পূর্ণ হােৱাৰ পূর্বেই তেওঁ আঁতৰি গ'ল বুলি সাহিত্যিক তেৰাঙে শােকেৰে ব্যক্ত কৰে ।

শেহতীয়াকৈ প্রয়াত লেখকগৰাকীৰ সম্পাদনাত প্রকাশ পােৱা 'কার্বি সাহিত্য প্রতিভাৰ চানেকী’ শীর্ষক গ্ৰন্থখন কার্বিসকলৰ জাতীয় জীৱন তথা ভাষা-সাহিত্যৰ এক আপুৰুগীয়া সম্পদ বুলি অভিহিত কৰি নৱপ্ৰজন্মই এই মহান গ্রন্থখনৰ উচিত মূল্যায়ন কৰিবলৈ সক্ষম হ'ব বুলি সাহিত্যিক গৰাকীয়ে আশা প্রকাশ কৰে । উদীয়মান কার্বি লেখকসকলৰ প্রতি শ্রদ্ধাৰ লেখকগৰাকীৰ আগ্রহৰ প্ৰসংগ উল্লেখ কৰে পদ্মশ্ৰী ৰংবং তেৰাঙে ।

লগতে পঢ়ক: অজান দেশলৈ গ’লগৈ যুগদ্ৰষ্টা হোমেন বৰগোহাঞি...

ABOUT THE AUTHOR

...view details