ডিফু,২০ মে’:শেহতীয়াকৈ দেশত কৰ’ণাৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰ বিপৰীতে আক্ৰান্ত ৰোগীৰ বাবে অপৰিহাৰ্য হিচাপে পৰিগণিত হোৱা পৰ্যাপ্ত অক্সিজেনৰ অভাৱে কেইবাখনো ৰাজ্যত ৰোগীৰ জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।
ডিফুত অক্সিজেন উৎপাদন প্ৰকল্প মুকলি - KARBIANGLONG CEM TULIRAM RONGHANG
কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পতাকা উত্তোলন কৰি ডিফু চিকিৎসা মহাবিদ্যালয় চৌহদত এক অক্সিজেন গেছ উৎপাদন প্ৰকল্পৰ শুভ উদ্বোধন কৰে ।
এই জটিল পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে পুৱা ডিফু চিকিৎসা মহাবিদ্যালয় চৌহদত এক অক্সিজেন গেছ উৎপাদন প্ৰকল্পৰ শুভ উদ্বোধন কৰা হয় । কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে পতাকা উত্তোলন কৰি প্ৰকল্পটো মুকলি কৰে । ইয়াৰ লগতে বিশ হাজাৰ কিঃলিঃ তৰল অক্সিজেন মজুত কৰিব পৰা এক ভঁৰালৰো শুভ উদ্বোধন কৰে ।
প্ৰকল্পটো শুভ উদ্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকী আশাবাদী যে ডিফু চিকিৎসা মহাবিদ্যালয় চৌহদৰ এই অক্সিজেন উৎপাদন প্ৰকল্পৰ দ্বাৰা গুৰুতৰভাৱে আক্ৰান্ত ৰোগীসকল উপকৃত হ'ব । অনুষ্ঠানটোত সাংসদ হৰেনছিং বে’, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি, কাৰ্বি আংলং জিলাৰ উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা, ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ড০ সুমিত্ৰা হাগজেসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৫০ লাখ টকাৰ বৰঙণি