ডিফু,23 ফেব্রুৱাৰীঃ ২৫ ফেব্ৰুৱাৰীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ কার্বি আংলং ভ্রমণৰ পূৰ্বে জিলাখনক স্বায়ত্ব শাসিত ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবীত সৰৱ হৈ পৰিছে স্থানীয় দল-সংগঠনসমূহ ৷ সোমবাৰে বিয়লি চিচিইউ আৰু কাঞাচাছডিকমে পৃথকে পৃথকে সংবাদমেল সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ ভ্ৰমণৰ সময়তে পাহাৰীয়া এলেকাটোক সামৰি এখন স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত সৰৱ হৈ পৰা দেখা গৈছে ।
কাৰ্বি আংলঙক স্বায়ত্ব শাসিত ৰাজ্যৰ মৰ্যদা প্ৰদান দাবীত সৰৱ দল-সংগঠন কার্বি ছাত্র সন্থাৰ ৰংখেলানস্থিত কার্যালয়ত এক সংবাদমেলৰ আয়ােজন কৰে জিলাখনৰ বিভিন্ন সামাজিক দল সংগঠনৰ সামূহিক মঞ্চ 'ক'-অর্ডিনেশ্যন কমিটি ফৰ ইউনিফিকেশন চমুকৈ চিচিইউয়ে । উক্ত মঞ্চৰ অন্যতম নেতা ছয়ছিং ৰংপিয়ে সংবাদমেল সম্বােধন কৰি কয় যে, ডিফুৰ সমীপৱৰ্তী তাৰালাংছত জিলাখনৰ প্রায় সকলো সামাজিক সংগঠনৰ মাজত এক গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হৈ যায় । বিভিন্ন দল-সংগঠনৰ নেতৃবর্গ উপস্থিত থকা সংবাদমেলখনত ৰংপিয়ে উল্লেখ কৰা অনুসৰি কেন্দ্রীয় গৃহমন্ত্রী গৰাকীৰ উপস্থিতিত একাংশ সশস্ত্র সংগঠনে অস্ত্র সম্বৰণ কৰি কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিব ।
কাৰ্বি আংলঙক স্বায়ত্ব শাসিত ৰাজ্যৰ মৰ্যদা প্ৰদান দাবীত সৰৱ দল-সংগঠন মঞ্চই লগতে উল্লেখ কৰে যে, পাহাৰীয়া এলেকাটোত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪ (ক) অনুচ্ছেদ ৰূপায়ণ কৰাৰ দাবীত এক দীঘলীয়া আন্দোলনৰ সূচনা হৈ আহিছে । ইয়াৰ মাজতে ১৯৯৫ এম অ' ইউ চুক্তি স্বাক্ষৰিত হােৱাৰ বিপৰীতে ২০১১ চনত এম অ' এছ চুক্তি স্বাক্ষৰিত কৰা হৈছিল । কার্বি আংলঙৰ সকলাে সশস্ত্ৰ সংগঠনেই সম্প্রতি অস্ত্র সম্বৰণ কৰি শান্তি প্রক্রিয়াত ভাগ লােৱাৰ ফলশ্রুতিত কার্বি আংলঙত সশস্ত্র সংগ্ৰামৰ অৱসান ঘটে । সেয়েহে এনে এক পর্যায়ত জিলাখনৰ দীর্ঘদিনীয়া ৰাজনৈতিক সমস্যাসমূহ ২৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সভাতে স্থায়ী সমাধানৰ জৰিয়তে এক ইতিহাস ৰচনা কৰাৰ বাবে আহ্বান জনায় সংগঠনসমূহে ।
কাৰ্বি আংলঙক স্বায়ত্ব শাসিত ৰাজ্যৰ মৰ্যদা প্ৰদান দাবীত সৰৱ দল-সংগঠন আনহাতে, কার্বি আংলং, কাৰ্বি ৰিচ আদৰবাৰৰ কার্যালয়ত আয়ােজন কৰা সংবাদমেলখনত সংগঠনটোৰ নেতৃবর্গই ২৫ ফেব্রুৱাৰীৰ কার্বি আংলং ভ্ৰমণৰ সময়তে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪( ক) ৰূপায়ণৰ জৰিয়তে ৰাজ্য গঠনৰ দাবী জনায় । কাঞ্চাছড়িকমৰ হিলছ অটনমাচ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ কাঞ্চাছডিকমৰ উদ্যোগতাে সোমবাৰে বিয়লি ডিফুত এক সংবাদমেল আয়ােজন কৰা হয় ৷
লগতে পঢ়কঃ লখিমপুৰত বাইক ৰেলীৰে লুৰীণৰ শক্তি প্ৰদৰ্শন