অসম

assam

ETV Bharat / state

কার্বি আংলঙত পৰম্পৰাগত গাঁও পৰিষদ গঠনৰ দাবীত 24 সংগঠনৰ সংবাদমেল - যৌথ মঞ্চৰ আহ্বায়ক লিটচন ৰংফাৰে

আজি বিয়লি তাৰালাংছৰ কার্বি পিপলছ হ’লত আয়ােজন কৰা সংবাদমেল সম্বোধন কৰি ২৪ টাকৈ অধিক সংগঠনৰ যৌথ মঞ্চৰ আহ্বায়ক লিটচন ৰংফাৰে কয় যে, ভাৰতীয় সংবিধান অনুসৰি পিছপৰা জনজাতি বসবাস কৰা এলেকাসমূহত সংশ্লিষ্ট জনজাতিসমূহৰ পৰস্পৰাগত গাঁও পৰিষদ গঠন কৰিব লাগে যদিও দল-সংগঠনসমূহে কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহীকে ধৰি বিভিন্নজনক আবেদন নিবেদন জনাই অহাৰ পিছতাে আজি পর্যন্ত পৰস্পৰাগত গাঁও পৰিষদ স্থাপিত কৰিবলৈ পদক্ষে গ্ৰহণ নকৰিলে ।

organisation-demand-traditional-village-council
কার্বি আংলঙত পৰম্পৰাগত গাঁও পৰিষদ গঠনৰ দাবীত 24 সংগঠনৰ সংবাদমেল

By

Published : Nov 25, 2020, 10:57 PM IST

Updated : Nov 26, 2020, 8:12 PM IST

ডিফু,25 নৱেম্বৰঃ কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এলেকাধীন এলেকাত চৰকাৰৰ পঞ্চায়তীৰাজ ব্যৱস্থা প্রবর্তনকলৈ অভিযােগ তুলি জিলাখনৰ বিভিন্ন দল-সংগঠনে বাদ-প্রতিবাদ অব্যাহত ৰখাৰ সময়তে বুধবাৰে কার্বিআংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱর্তী তাৰালাংছত এক সংবাদমেল অনুষ্ঠিত কৰি পাহাৰীয়া জিলাখনত পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিৰোধিতা কৰি পৰস্পৰাগত গাঁও পৰিষদ গঠনৰ দাবী জনায় জিলাখনৰ ২৪ টাকৈ অধিক সংগঠনৰ উমেহতীয়া মঞ্চই।

কার্বি আংলঙত পৰম্পৰাগত গাঁও পৰিষদ গঠনৰ দাবীত 24 সংগঠনৰ সংবাদমেল

আজি বিয়লি তাৰালাংছৰ কার্বি পিপলছ হ’লত আয়ােজন কৰা সংবাদমেল সম্বোধন কৰি ২৪ টাকৈ অধিক সংগঠনৰ যৌথ মঞ্চৰ আহ্বায়ক লিটচন ৰংফাৰে কয় যে, ভাৰতীয় সংবিধান অনুসৰি পিছপৰা জনজাতি বসবাস কৰা এলেকাসমূহত সংশ্লিষ্ট জনজাতিসমূহৰ পৰস্পৰাগত গাঁও পৰিষদ গঠন কৰিব লাগে যদিও দল-সংগঠনসমূহে কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহীকে ধৰি বিভিন্নজনক আবেদন নিবেদন জনাই অহাৰ পিছতাে আজি পর্যন্ত পৰস্পৰাগত গাঁও পৰিষদ স্থাপিত কৰিবলৈ পদক্ষে গ্ৰহণ নকৰিলে । ভাৰতীয় সংবিধানৰ অনুসূচীৰ অনুচ্ছেদ ৩ আৰু উপ-অনুচ্ছেদ ১ ৰ লগতে দফা e,f,i jৰ নীতি অনুসৰি ষষ্ঠ অনুসূচীভুক্ত এলেকাত পঞ্চায়তীৰাজ সম্ভৱপৰ নহয় বুলি মন্তব্য কৰি জিলাখনত পৰম্পৰাগত গাঁও পৰিষদ গঠনত চৰকাৰৰ ব্যর্থতাক সমালােচনা কৰাৰ লগতে জিলাখনত অতি শীঘ্রে পৰস্পৰাগত গাঁও পঞ্চায়ত গঠনৰ দাবী জনায় ।

আজিৰ সভাত ২৪টাকৈ সংগঠনৰ মুখ্য আহ্বায়ক ৰতন টেৰাঙৰ লগতে অংশীদাৰ কাৰ্বি ৰং আচাৰ আমেইৰ আৰু বিভিন্ন দল সংগঠনৰ শীৰ্ষ নেতৃত্ব সকল উপস্থিত থাকে ৷ আনহাতে সংবাদ মেলত উপস্থিত থকা কাৰ্বি ৰং আচাৰ আমেইৰ হৈ সহকাৰী সম্পাদক দেৱৰাম কিলিঙে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপচিং টেৰণৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে ৷ অভিযোগ অনুসৰি কাৰ্যবাহী সদস্য ৰূপচিং টেৰণে হামৰেণৰ ৫ নং ৱাৰ্ড এলেকাৰ জয়চিং ইংতি গাওঁ আৰু টিচ' গাঁৱত ডংকামোকামৰ চক্ৰ বিষয়া আৰু মণ্ডল সকলক লৈ এক জৰীপ চলাইছিল ৷ উক্ত জৰীপ কাৰ্যত স্থানীয় গাঁওবুঢ়া আৰু দুয়োখন গাঁৱৰ পূৰ্ব পুৰুষৰ পৰা জুম খেতি কৰি ভোগ দখল কৰি অহা সকল শংকিত হৈ পৰিছে বুলি মন্তব্য কৰে ৷ এই জৰীপৰ পিছত তেওঁলোকৰ জীৱনলৈ ঘোৰ অন্ধকাৰ নামি আহিব বুলি শংকা প্ৰকাশ কৰিছে ৷ কাৰ্যবাহী সদস্যগৰাকীয়ে ইয়াকে নকৰি সীমান্তত জৰীপ চলালেহে জিলাখনৰ বাহে সুবিধা হ'লহেতেন বুলি কয় ৷ সেয়ে গাঁও দুখনৰ জৰীপ বাতিল কৰি শীঘ্ৰে এলেকাটোৰ ৰং আচাৰ আমেই আৰু কাৰ্বি ৰিচ' ৰং আৰাট সকলৰ লগত আলোচনা কৰি এক শান্তিপূৰ্ণ সিদ্ধান্ত ল’ব লাগে আগ্ৰহ প্ৰকাশ কৰে ৷

লগতে পঢ়কঃৰাজস্থানৰ প্ৰাক্তন বিত্তমন্ত্ৰী মানিক চন্দ্ৰ ছোৰানাৰ দেহাৱসান

Last Updated : Nov 26, 2020, 8:12 PM IST

ABOUT THE AUTHOR

...view details