ডিফু, ১১ জুলাই :কাৰ্বি আংলং জিলাৰ খটখটি থানা এলেকাৰ লাহৰিজান পহৰা চকীৰ ওচৰত শনিবাৰে সন্ধিয়া আৰক্ষীয়ে কানিসহ এজন লোকক আটক কৰে ৷ ডিলাইৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়া, উপ-পৰিদৰ্শক হীৰকজ্যোতি দাস আৰু সহকাৰী উপ-পৰিদৰ্শক জিতেন গগৈৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চলোৱা তালাচীত কানি সৰবৰাহকাৰীটোক আটক কৰা হয় ৷ আটকাধীন লোকজন আছলাম খান (৩০) বুলি চিনাক্ত কৰা হৈছে ৷ সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে প্ৰায় 4 কেজি কানি (opium) জব্দ কৰে ৷
লাহৰিজানত নিষিদ্ধ কানিসহ আটক এজন আৰক্ষীৰ দলটোৱে মণিপুৰৰ পৰা আহি থকা AS 01 EC 7664 নম্বৰৰ বাছখনত তালাচী চলাই 4 কেজি কানি (opium) জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা কানিখিনিৰ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মণিপুৰ থাউবাল জিলাৰ ৰহিম উদ্দিনৰ পুত্ৰ আছলাম খান (৩০)ক আৰক্ষীয়ে কৰায়ত্ত কৰে ৷ বৰ্তমান আৰক্ষীয়ে আটকাধীন সৰবৰাহকাৰীটোৰ জেৰা অব্যাহত ৰাখিছে ৷
বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাস, বৰপথাৰৰ চক্ৰ বিষয়া উৎপল শৰ্মাৰ তত্বাৱধনাত জব্দ কৰা হয় কানিখিনি ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম আৰক্ষীক দিয়া কঠোৰ নিৰ্দেশক ভেঙুচালি কৰি একাংশ ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে নিচাযুক্ত সামগ্ৰীৰ অবৈধ সৰবৰাহ ৷ সৰবৰাহকাৰীয়ে নিৰাপদ ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহা কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত আৰক্ষীয়ে তীক্ষ্ম দৃষ্টি ৰখাৰ পিছতো নিতৌ ন ন কৌশল ৰচনা কৰিছে সৰবৰাহকাৰীয়ে ৷
লাহৰিজানত নিষিদ্ধ কানিসহ আটক এজন চুবুৰীয়া ৰাজ্য মণিপুৰৰ পৰা নাগালেণ্ড হৈ অসমত প্ৰৱেশ কৰা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৱে নৈশ চুপাৰ, অট', বলেৰ' আদি বিভিন্ন বাহনত ড্ৰাগছ সৰবৰাহ কৰিবলৈ ইঞ্জিনত গোপন কক্ষ স্থাপন কৰি অহা পৰিলক্ষিত হৈছে ৷ বিগত মাহটোত সীমান্তৱৰ্তী এলেকাত আৰক্ষীয়ে বহু কোটি টকাৰ নিষিদ্ধ, ড্ৰাগছ জব্দ কৰে ৷ শেহতীয়াকৈ বোকাজান মহকুমাৰ লাহৰিজানত নিষিদ্ধ কানিসহ এজন লোকক আটক কৰে আৰক্ষীয়ে ৷
লগতে পঢ়ক :নগাঁৱত পুনৰ আৰক্ষীৰ গুলীচালনা: নিহত ডকাইত