ডিফু, ১৪ মাৰ্চ :ঘন অৰণ্য আৰু দুৰ্গম পাহাৰত হাতে হাতে ধনু, দা, যাঠী আদি লৈ ৯ জনীয়া এটা দলে আৰম্ভ কৰিছে বিশেষ অভিযানৰ । লক্ষ্য ঐতিহাসিক আকাশী গংগাৰ জলপ্ৰপাতৰ উৎপত্তিস্থল । পুৱাই আকাশী গংগা শিৱ থানৰ বিষয়ববীয়া আৰু স্থানীয় কেইজনমান লোকৰ নেতৃত্বত চলিছে এই অভিযান (Operation to find origin of Akashi Ganga Falls)।
উল্লেখ্য যে, শেহতীয়াকৈ আকাশী গংগা নিজৰাৰ পানী যথেষ্ট কমি আহিছে (Water level decrease of Akashi Ganga)। যাৰ বাবে শিৱ থানলৈ অহা ভক্ত লগতে স্থানীয় লোকসকল শংকিত হৈ পৰিছে । এই বিষয়টোৰ ৰহস্য ফাদিল কৰাৰ লগতে জলপ্ৰপাতটিৰ উৎপত্তিস্থলৰ সন্ধানৰ বাবে অভিযান চলোৱা হৈছে ৷
হোজাই আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ পাৰখোৱাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আকাশী গংগা শিৱ থানৰ জলপ্ৰপাতৰ উৎপত্তিস্থল বিচাৰি পাহাৰৰ লুঙলুঙীয়া, শিলাময় পথেৰে আৰু কণ্টকময় হাবি ফালি নিৰ্ভীকতাৰে আকাশী গংগা উন্নয়ন সমিতিৰ ৯ জনীয়া দলটো আগবাঢ়িছে (Akashi Ganga waterfalls)। ৰহস্যজনকভাৱে জলপ্ৰপাতৰ পানী হ্ৰাস পোৱাক লৈ উদ্বিগ্ন হৈয়ে উন্নয়ন সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।