ডিফু, ৬ ডিচেম্বৰঃকাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ কিছু নিলগৰ বৰলাংফেৰ থানা সমীপৰতে সংঘটিত হৈছে এক ধৰ্ষণ কাণ্ড ৷ কিয়নো বৰলাংফেৰ অঞ্চলৰ তিনি সন্তানৰ মাতৃ তথা এগৰাকী বিধৱা মহিলাক ধৰ্ষণৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
জানিব পৰা মতে, অভিযোগৰ ভিত্তিত বৰলাংফেৰ আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত উৎপল মজুমদাৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ ধৰ্ষিতা মহিলা গৰাকীৰ অভিযোগ অনুসৰি শনিবাৰে সন্ধিয়া উৎপল মজুমদাৰে তেওঁৰ ঘৰত অনাধিকাৰ প্ৰৱেশ কৰি বলপূৰ্বকভাৱে ধৰ্ষণ কৰি পলাই যায় ৷