অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত কোভিড আক্ৰান্ত মৃতকৰ সংখ্যা 6 গৰাকীলৈ বৃদ্ধি - ডিফু কোভিড হাস্পতালত আন এজন ৰোগীৰ মত্যু

সোমবাৰে সন্ধিয়া ডিফু কোভিড হাস্পতালত আন এজন ৰোগীৰ মত্যু হোৱাৰ লগে লগে জিলা খনত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 6 গৰাকীলৈ বৃদ্ধি পায় ৷

One more covid patient died in Karbi Anglong
কাৰ্বি আংলঙত কোভিড আক্ৰান্ত মৃতকৰ সংখ্যা 6 গৰাকীলৈ বৃদ্ধি

By

Published : Aug 11, 2020, 4:47 PM IST

ডিফু, 11 আগষ্ট: ৰাজ্য়ত প্ৰতি দিনাই বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৷ আন সমূহ জিলাৰ দৰে কাৰ্বি আলং জিলাতো বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৷ সোমবাৰে সন্ধিয়া ডিফু কোভিড হাস্পতালত আন এজন ৰোগীৰ মত্যু হোৱাৰ লগে লগে জিলা খনত কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 6 গৰাকীলৈ বৃদ্ধি পালে ৷

কাৰ্বি আংলঙত কোভিড আক্ৰান্ত মৃতকৰ সংখ্যা 6 গৰাকীলৈ বৃদ্ধি

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া ডিফু কোভিড হাস্পতালত মৃত্যু হয় ডিফু ধৰমনালা ৰাম ঠাকুৰ কলনিৰ নিবাসী অবিনাশ দেৱনাথ নামৰ ৫০ বছৰীয়া লোকজনৰ ৷ জানিব পৰা মতে দীৰ্ঘ দিনৰ পৰা যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল অবিনাশ দেৱনাথ ৷ সোমবাৰে সন্ধিয়া অবিনাশ দেৱনাথৰ স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁক চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ কিন্তু তাত অবিনাশ দেৱনাথৰ কোভিডৰ এণ্টিজেন টেষ্টৰ ফলাফল পজিটিভ ওলায় ৷ লগে লগে তেওঁক ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পৰা পুৰণা ব্লকৰ কোভিড হাস্পতালৰ চিকিৎসালয়ললৈ প্ৰেৰণ কৰে যদিও সন্ধিয়া মৃত্যু হয় লোকজনৰ ৷ ইয়াৰ লগে-লগে জিলা খনত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 6 গৰাকীলৈ বৃদ্ধি হয় ৷ মঙলবাৰে পুৱা প্ৰয়াত অবিনাশ দেৱনাথৰ নশ্বৰ দেহ ডিফু ৰাজহুৱা শ্মশানত পৰিয়ালৰ লোকৰ উপস্থিতিত সৎকাৰ কৰে প্ৰশাসনৰ লোকে ৷

চৰকাৰী তথ্য অনুসৰি, 10 আগষ্টলৈকে কাৰ্বি আংলং জিলাত মুঠ 43 জনৰ কোভিড পজিটিভ পোৱা গৈছে ৷ ইয়াৰে 32 জনৰ কোভিড এণ্টিজেণ ফলাফল পজিটিভ পোৱাৰ বিপৰীতে 11 জনৰ স্বাৱটেষ্ট পজিটিভ বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি জিলা কাৰাগাৰত 24 ঘণ্টাত 15 জনকৈ লোক কৰ'ণাত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ "পৰিৱেশ আইন, 2020" বাতিলৰ দাবীত বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details