ডিফু, 8 জুনঃৰাজ্যত কোভিদ 19 ত প্ৰাণ গ'ল অৰুণ কাকতি নামৰ এজন লোকৰ ৷ ইয়াকে লৈ অসমত কোভিড 19 ত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা ৫ জনলৈ বৃদ্ধি ৷ প্ৰাপ্ত খবৰ অনুসৰি, চেন্নাইৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত কাৰ্বি আংলঙৰ বকলীয়াঘাট চূণপোৰা নিবাসী অৰুণ কাকতি (৫৮) নামৰ লোকজন 26 মে’ত ডিফুত উপস্থিত হোৱাৰ পিছত বকলীয়াঘাটৰ ৰূকাছেন মহাবিদ্যালয়ৰ সমীপত কোৱাৰেন্টাইনত আছিল । উল্লেখযোগ্য যে বিভাগীয় কৰ্তৃপক্ষই কোৱাৰেণ্টাইনত থকা অৱস্থাত লোৱা তেওঁৰ স্বাৱ টেষ্টৰ ৰিজাল্ট নিগেটিভ ওলোৱাত লগতে তেওঁৰ কোৱাৰেন্টাইনৰ ম্যাদ শেষ হোৱাত তেওঁক কেইদিনমানৰ পূৰ্বে হোম কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰে ।
দেওবাৰে দুপৰীয়া হোম কোৱাৰেন্টাইনত থকা অৱস্থাতে লোকজন গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ পৰিয়ালৰ লোকে লোকজনক বকলীয়াঘাট স্বাস্থ্য কেন্দ্ৰৰ সহায়ত ১০৮ যোগে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও আদবাটতে তেওঁৰ মৃত্যু হয় । মৃত্যুৰ পূৰ্বে অৰুণ কাকতিৰ দেহত কোভিড ১৯ ৰ লক্ষণ প্ৰতিফলিত হোৱাত বিভাগীয় কৰ্তৃপক্ষই তেওঁক পুনৰ স্বাৱ টেষ্টৰ বাবে পঠিয়াই ৷ দেওবাৰে সেই স্বাৱ টেষ্টৰ ৰিজাল্ট পজিটিভ পোৱা গৈছিল ৷