ডিফু, 13 আগষ্ট :বোকাজানত আৰক্ষীৰ সফলতা ৷ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত মাৰাত্মক ব্ৰাউন চুগাৰ সহ আটক এজন সৰবৰাহকাৰী । বিগত কিছুদিন পূৰ্বে কাৰ্বি আংলং আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ পাচতেই পুনৰ বৃহস্পতিবাৰে খটখটী আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰী সহ জব্দ কৰে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ ৷ ধৃত সৰবৰাহকাৰীটো মণিপুৰৰ ৰাকেশ ছেত্ৰী বুলি জানিব পৰা গৈছে ।
মণিপুৰৰ পৰা অসমলৈ বিক্ৰীৰ উদ্দেশ্যে আনিছিল প্ৰায় 45 গ্ৰামৰ ব্ৰাউন চুগাৰ । বোকাজান চক্ৰ আৰক্ষী বিষয়া ভূপেন কলিতা বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মব্লিক ব্ৰহ্মৰ নেতৃত্বত হোৱা এটা গোপন অভিযানত ধৰা পৰে সৰবৰাহকাৰীজন ।