ডিফু,17 মাৰ্চঃ এটি মৰ্মান্তিক হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত ৷ কুকুৰা চোৰৰ সন্দেহত এজন ৩০ বছৰীয়া যুৱকক মৰিয়াই হত্যা কৰা হৈছে ডিফু চহৰত ৷ ডিফুৰ ৰংকাংথুইত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনা ৷ হত্যাকাণ্ডৰ বলি হোৱা যুৱকজন চন্দন সূত্ৰধৰৰ পুত্ৰ সমীৰ সূত্ৰধৰ(৩০) বুলি জানিব পৰা গৈছে ৷
ইফালে,ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বিতং তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি,ঘটনাৰ খবৰ পোৱা মাত্ৰকে সোমবাৰে জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাসহ ডিফু আৰক্ষী যুৱকজনৰ এগ্ৰিকালচাৰ মেকানিকেল কলনিৰ বাসগৃহত উপস্থিত হয় ৷ উল্লেখ্য যে,বিগত ১১মাৰ্চত সমীৰ সূত্ৰধৰৰ শৱদেহ ডিফুৰ ৰংকাংথুইত পৰি থকা বুলি জানিব পাৰি পৰিয়ালৰ লোকে উদ্ধাৰ কৰি আৰক্ষীৰ অজ্ঞাতে সৎকাৰ কৰে ৷ সমীৰৰ কণিষ্ঠ ভাতৃ মনোজ সূত্ৰধৰে আৰক্ষীক জনোৱা অনুসৰি সমীৰৰ মৃতদেহত আঘাতৰ চিন স্পষ্ট আছিল ৷ যুৱকজন ১১মাৰ্চৰ পুৱা ঘৰৰ পৰা ওলাই গৈছিল আৰু আবেলি মৃতদেহ উদ্ধাৰ হয় যুৱকজনৰ ৷ আৰক্ষীৰ সোধ-পোছত সমীৰৰ মৃতদেহ আনিবলৈ এজন অট’চালকৰ সহায় লোৱাৰ কথা ব্যক্ত কৰে পৰিয়ালৰ লোকে ৷ আৰক্ষীয়ে অট’চালকৰ স্বীকাৰোক্তিৰ ভিত্তিত স্থানীয় ৰংকাংথুই পুখুৰীপাৰৰ জয়ছিং বে’ৰ ঘৰত সমীৰৰ মৃত্যু হোৱাটো নিশ্চিত কৰে ৷ ১১মাৰ্চত অট’চালকজনে জয়ছিঙৰ ঘৰৰ পৰা AS-01F-4626 নম্বৰ মাৰুতি-800 বাহনেৰে পৰিয়ালৰ লোকৰ সৈতে মিলি বাসগৃহলৈ সমীৰৰ মৃতদেহটো লৈ যায় ৷ ঘটনাৰ পিছদিনা অৰ্থাৎ ১২মাৰ্চৰ দিনা সমীৰৰ মৃতদেহ পৰিয়ালৰ লোকে সৎকাৰ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জয়ছিং বে’ক সোধপোছৰ বাবে ডিফু থানালৈ আনে ৷ আৰক্ষীৰ জেৰাত জয়ছিং বে’য়ে সমীৰক কুকুৰা চোৰৰ সন্দেহত আটক কৰি মাৰপিট কৰাৰ কথা প্ৰকাশ কৰে ৷ উক্ত মাৰপিটৰ ফলতে সমীৰৰ মৃত্যু হোৱা বুলি ব্যক্তিগৰাকীয়ে আৰক্ষীক জানিবলৈ দিয়াৰ কথা প্ৰকাশ কৰিছে উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে ৷