ডিফু,৩ মাৰ্চ: ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল কাৰ্বি আংলঙৰ সদৰ ডিফু চহৰ ৷ বুধবাৰে বিয়লি গ্ৰেণেডসহ এজন যুৱক আটক হোৱাৰ পিছতে সমগ্ৰ অঞ্চলতে উত্তেজনাই বিৰাজ কৰে । নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ লগে লগে এই ঘটনা সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে সদৰ চহৰখনত ৷ এক গোপন সূত্ৰৰ পম খেদি কাৰ্বি আংলং জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত এটা অভিযানকাৰী দলে ডিফু ৰেল ষ্টেছনত অভিযান চলাই এটা চাইনিজ গ্ৰেণেড সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷
ডিফুত গ্ৰেণেড উদ্ধাৰ, আটক এজন - one granade found at diphu
কাৰ্বি আংলং জিলা উপ আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মাৰ নেতৃত্বত এটা অভিযানকাৰী দলে ডিফু ৰেল ষ্টেছনত অভিযান চলাই এটা চাইনিজ গ্ৰেণেড সহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে জানিব দিয়া অনুসৰি ডিফু ৰেল ষ্টেচনত গ্ৰেণেডটোৰে বিস্ফোৰণ কৰাৰ পৰিকল্পনা কৰিছিল ৷

ডিফুত গ্ৰেণেড উদ্ধাৰ,আটক এজন
ডিফুত গ্ৰেণেড উদ্ধাৰ, আটক এজন
যুৱক জন ডিফু ৰেলৱে কলনিৰ পিনক সুত্ৰধৰ ওৰফে বিজু সুত্ৰধৰ বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে জানিব দিয়া অনুসৰি ডিফু ৰেল ষ্টেচনত গ্ৰেণেডটো বিস্ফোৰণ কৰাৰ পৰিকল্পনা কৰিছিল ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে যুৱক জনক জেৰা অব্যাহত ৰাখিছে যদিও যুৱকজন ডিএনএলএৰ সদস্য হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷
লগতে পঢ়ক:অখিল গগৈৰ উপদেষ্টা হৈ নাথাকে ড৹ হীৰেন গোহাঁই