ডিফু, ১৭ মাৰ্চ :অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিয়ান অব্যাহত আছে (Assam Police raid against drugs)। কিন্তু শেহতীয়াকৈ কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত ড্ৰাগছ মাফিয়াসকলে অব্যাহত ৰাখিছে এই নিষিদ্ধ সামগ্ৰীৰ সৰবৰাহ ৷ বৃহস্পতিবাৰে পুৱাই এক গোপন সূত্ৰৰ ভিত্তিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লুৎফুৰ ৰহমানৰ নেতৃত্বত উপ-পৰিদৰ্শক প্ৰফুল্ল পেগু আৰু আৰক্ষীৰ এটা দলে অভিযান চলায় । ডিলাই তিনি আলিত তালাচী চলায় আৰক্ষীৰ দলটোৱে ৷
সেই সময়তে ডিমাপুৰৰ পৰা বোকাজান হৈ আহি থকা AS-01-NC-1849 নম্বৰৰ এখন বাছত আৰক্ষীয়ে তালাচী চলায় । তালাচীৰ সময়ত অভিযানকাৰী দলটোৰ বাছখনৰ এজন যাত্ৰীৰ ওপৰত সন্দেহ হয় । তাৰ পাছতে যাত্ৰীজনক তন্ন-তন্নকৈ পৰীক্ষা কৰাত তেওঁৰ পৰা ১২.০২ গ্ৰাম ওজনৰ সন্দেহযুক্ত হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় (Suspected heroin seized in Karbi Anglong) ৷