ডিফু, ৫ ছেপ্তেম্বৰ :এইবাৰ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈছে কাৰ্বি আংলং আৰক্ষী । দেওবাৰে এক অভিযানৰ জৰিয়তে বৃহৎ সফলতা লাভ কৰিছে কাৰ্বি আংলং আৰক্ষীয়ে । প্ৰাপ্ত খবৰ অনুসৰি, দেওবাৰে পুৱা এক নিৰ্দিষ্ট সূত্ৰৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত চলা অভিযান সন্দেহযুক্ত হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে ।
অভিযানকাৰী দলটোত আছিল বোকাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, খটখটীৰ আৰক্ষী বিষয়া মনি চমুৱা, মৌবলিক ব্ৰহ্ম, উপ-পৰিদৰ্শক চৰণ মোহন চেতিয়া, নিতুল শইকীয়া, সহকাৰী উপ-পৰিদৰ্শক অৰুণ নাথ আৰু আৰক্ষীৰ এটা দল । অভিযানকাৰী দলটোৱে খটখটী থানা এলেকাৰ বালিজান ফৰেষ্ট গেট তিনি আলিত অভিযান চলাই জব্দ কৰে সন্দেহযুক্ত হেৰ'ইনখিনি ৷