ডিফু, ১০ নৱেম্বব : কার্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত ডেনগাঁও বজাৰত বুধবাৰে আৰক্ষীয়ে অভিযান চলাই মাৰণাস্ত্ৰ সহ এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় । এই সন্দর্ভত আৰক্ষী সূত্ৰই সদৰী কৰা মতে, ডেনগাঁও বজাৰত অবৈধ অস্ত্রৰ বিক্রীৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ উক্ত তথ্যৰ ভিত্তিত বকলীয়া থানাৰ ভাৰপ্রাপ্ত বিষয়া মনজিৎ তেৰাঙ, ডকমকা থানাৰ ভাৰপ্রাপ্ত বিষয়া বিজুকিংকৰ বসুমতাৰী, উপ-পৰিদর্শক লােকেন্দ্র পাংগিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অবৈধ অস্ত্র সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে অভিযান চলায় ৷
উক্ত অভিযানত আৰক্ষীৰ দলটোৱে এটা থ্ৰী নট থ্ৰী ৰাইফল আৰু এটা মেগজিনসহ তিনি জাঁই সজীৱ থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দর্ভত আৰক্ষীয়ে এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । ধৃত যুৱকজন মাঞ্জা থানাৰ অন্তর্গত লংনিট বৰজান ইংলেং গাঁৱৰ লংকি ৰংহাং ওৰফে থেংচ বুলি চিনাক্ত কৰা হৈছে ।