ডিফু, ৩ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ সময়তে বুধবাৰে কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীয়ে নগদ আঢ়ৈ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় । প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে পুৱাৰ ভাগত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডিমাপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাছত অভিযান চলাই জব্দ কৰে ধনখিনি ।
নিৰ্বাচনৰ পূৰ্বে ডিলাইত আঢ়ৈ লাখ টকা জব্দ - APPREHANDED
কাৰ্বি আংলং জিলাৰ ডিলাই আৰক্ষীৰ নগদ আঢ়ৈ লাখ টকা জব্দ । মাপুৰৰ পৰা নগাঁও অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাছত অভিযান চলাই জব্দ ধনখিনি ।
![নিৰ্বাচনৰ পূৰ্বে ডিলাইত আঢ়ৈ লাখ টকা জব্দ নিৰ্বাচনৰ পূৰ্বে ডিলাইত আঢ়ৈ লাখ টকা জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10856540-488-10856540-1614775901665.jpg)
নিৰ্বাচনৰ পূৰ্বে ডিলাইত আঢ়ৈ লাখ টকা জব্দ
নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত জলাহৰ মইনুল ইছলাম নামৰ লোকজনৰ জিম্মাৰ পৰা নগদ আঢ়ৈ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় । জব্দ হোৱা ধনখিনি ব্যৱসায়িক কাৰণত অনা হৈছিল বুলি ধৃত লোকজনে জানিবলৈ দিয়ে । ঘটনা সন্দৰ্ভত ডিলাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।