অসম

assam

ETV Bharat / state

ডিফুৰ ৫ মাইলত এগৰাকী বৃদ্ধক দুৰ্বৃত্তৰ নৃশংস ভাৱে হত্যা - তিনিজনীয়া লোক

ডিফুৰ সমীপৱৰ্তী ৫ মাইলৰ ৰংবং তিমুং গাঁৱত সংঘটিত হৈছে উক্ত হত্যাকাণ্ড ৷ মঙলবাৰে পুৱতি নিশাহে বৃদ্ধ মনিচন্দ্ৰৰ মৃতদেহটো ঘৰৰ পৰা আধা কিলেমিটাৰ দূৰৰ ৰাস্তাৰ কাষত উদ্ধাৰ হয় ৷ ইপিনে মৃতদেহটোৰ মূৰত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিহ্ন স্পষ্ট হৈ আছে বুলি বৃদ্ধ গৰাকীৰ পুত্ৰই উল্লেখ কৰিছে ৷

ডিফুৰ ৫ মাইলত এগৰাকী বৃদ্ধক দুৰ্বৃত্তৰ নৃশংস ভাৱে হত্যা
ডিফুৰ ৫ মাইলত এগৰাকী বৃদ্ধক দুৰ্বৃত্তৰ নৃশংস ভাৱে হত্যা

By

Published : Oct 19, 2021, 8:32 PM IST

Updated : Oct 19, 2021, 10:42 PM IST

ডিফু, ১৯ অক্টোবৰঃ সোমবাৰে নিশা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ অনুসৰি ডিফুৰ সমীপৱৰ্তী ৫ মাইলৰ ৰংবং তিমুং গাঁৱত সংঘটিত হৈছে উক্ত হত্যাকাণ্ড ৷ উল্লেখযোগ্য যে, দুৰ্বৃত্তৰ হাতত নিহত হোৱা লোকজনৰ পুত্ৰই সাংবাদিকক অৱগত কৰা অনুসৰি, সোমবাৰে নিশা সকলো ঘৰৰ ভিতৰত সোমাই থকা অৱস্থাত বাহিৰত থকা তেওঁৰ বৃদ্ধ পিতৃ মনিচন্দ্ৰ বে’ ওৰফে লুনচেক তিনিজনীয়া অজ্ঞাত দুৰ্বৃত্তৰ দলে ঘৰৰ পৰা ৰাস্তা দেখুৱাই দিবলৈ মাতি লৈ যায় ৷

বৃদ্ধ গৰাকীক তেনেদৰে মাতি লৈ যোৱা দেখি মনিচন্দ্ৰ বে'ৰ ছোৱালীৰ সন্দেহ উপজে আৰু নিজ ভাতৃক পিতৃক বিচাৰিবলৈ কয় ৷ সেই মৰ্মে মনিচন্দ্ৰৰ পুত্ৰই মনিচন্দ্ৰক বিচাৰি ৰাস্তালৈ ওলাই তিনিজনীয়া অচিনাক্ত লোকৰ সৈতে গৈ থকা দেউতাকক চিঞৰি ক'ত গৈ আছে বুলি সোধে ৷ কিন্তু মনিৰাম আৰু তিনিজনীয়া লোকৰ পৰা কোনো সদুত্তৰ নাপাই পুত্ৰৰ সন্দেহ হয় ৷ উপায়ন্তৰ হৈ পুত্ৰই খৰখেদাকৈ পৰিয়ালৰ আনসকল সদস্যক মাতি আনি পুনৰ বিচাৰিবলৈ আৰম্ভ কৰে যদিও চাৰিওফালে গোটেই নিশা বিচাৰিও বৃদ্ধ পিতৃৰ একো শুংসুত্ৰ উলিয়াব নোৱাৰিলে ৷

ডিফুৰ ৫ মাইলত এগৰাকী বৃদ্ধক দুৰ্বৃত্তৰ নৃশংস ভাৱে হত্যা

আনহাতে মঙলবাৰে পুৱতি নিশাহে বৃদ্ধ মনিচন্দ্ৰৰ মৃতদেহটো ঘৰৰ পৰা আধা কিলেমিটাৰ দূৰৰ ৰাস্তাৰ কাষত থকা উদ্ধাৰ হয় ৷ ইপিনে মৃতদেহটোৰ মূৰত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিহ্ন স্পষ্ট হৈ আছে বুলি মৃত বৃদ্ধগৰাকীৰ পুত্ৰই উল্লেখ কৰিছে ৷ সম্প্ৰতি ঘটনাৰ খবৰ লাভ কৰি ডিফু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ৷

ইপিনে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বৃদ্ধজনৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ডিফু থানাত ৩০৬/২০২১ নম্বৰত এক গোচৰ ৰুজো কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়কঃ পুনৰ আৰম্ভ হ’ল ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদান

Last Updated : Oct 19, 2021, 10:42 PM IST

ABOUT THE AUTHOR

...view details