ডিফু, ৩ মাৰ্চঃ যোৱা ১ মাৰ্চত ডিফুত সংঘটিত হৈছিল এক লোম হৰ্ষক হত্যাকাণ্ড ৷ ডিফু চহৰৰ সমীপৰ লাংছলিয়ট নামৰ ঠাইৰ সংঘটিত হৈছিল এই ঘটনা ৷ গৰু চুৰি কৰিবলৈ গৈ দূৰ্বৃত্তই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷
বৰলাংফেৰৰ আৰক্ষীৰ এক সুত্ৰই সদৰি কৰা মতে, যোৱা ১ মাৰ্চত লাংছলিয়েট নিবাসী মধু প্ৰসাদ নামৰ লোক এজনে বাঁহনি বাৰীত বাঁহ কাটি থকা সময়ত সুৰেশ কৰ্মকাৰ নামৰ এজন লোক সেই ঠাই উপস্থিত হয় ৷ অভিযোগ অনুসৰি সুৰেশ কৰ্মকাৰ নামৰ লোকজনে মধু প্ৰসাদক হত্যাকৰি চুৰি কৰি লৈ গৈছিল গৰু ৷ ইতিমধ্যে অভিযুক্ত সুৰেশ কৰ্মকাৰক আটক কৰিছে আৰক্ষীয়ে ৷