অসম

assam

ETV Bharat / state

ডিফুত হিল পিপ'লছ ফ'ৰামৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন - Karibi Anglong AC CEM Tuliram Ranghang

ডিফুত হিল পিপ'লছ কালচাৰেল ফ'ৰামৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন । ২৬ টা জাতি-জনগোষ্ঠীৰ অংশগ্ৰহণেৰে ডিফু চহৰৰ মাজেৰে বৰ্ণিল শোভাযাত্ৰা ।

establishment day of Hills peoples forum
ডিফুত হিল পিপলছ ফৰামৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 8:34 PM IST

Updated : Dec 15, 2023, 9:14 PM IST

ডিফুত হিল পিপলছ ফৰামৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিফু, ১৫ ডিচেম্বৰ : শুকুৰবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ প্ৰয়াত ছাৰচিং টেৰণ লাংকুং হাবে মেম'ৰিয়েল টাউন হলত হিল পিপ'লছ কালচাৰেল ফ'ৰামৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসটিক ভাতৃত্ব দিৱস হিচাপে উদযাপন কৰিবলৈ টাউন হলত সমবেত হয় পাৰ্বত্য জিলাখনত বসবাস কৰা ২৬ টা জাতি-জনগোষ্ঠীৰ লোক ৷

২৬ টা জাতি-জনগোষ্ঠীৰ ঐক্যবদ্ধ মঞ্চ হিল পিপ'লছ কালচাৰেল ফ'ৰাম চমুকৈ এইচপিচিএফৰ সদস্য-কৰ্মীসকলে নিজস্ব সাজ-পোছাক পৰিধান কৰি জাতি-জনগোষ্ঠীসমূহক প্ৰতিনিধিত্ব কৰা পৰিলক্ষিত হয় ৷ কাৰ্বি, ডিমাছা, ৰেংমা নগা, কুকি, তিৱা, গাৰো, বড়ো, খাচী, মান, টাই, মাৰ, আহোম, অসমীয়া,মেছ, কছাৰী, ঠেঙাল কছাৰী, মিজো, চাকমা,ছাকাচেপ, ডুমৰা কাৰ্বি, গোৰ্খা, আদিবাসী, মেইটেই, বঙালী, ভোজপুৰী, শিখ সমাজ আৰু উড়িয়া জনগোষ্ঠীৰ লোকৰ অংশগ্ৰহণেৰে প্ৰতিষ্ঠা দিৱসস্থলীত সমন্বয়ৰ এক বৰ্ণিল প্ৰতিচ্ছবি প্ৰতিফলিত হয় ৷

এইচপিচিএফৰ অষ্টম প্ৰতিষ্ঠা দিৱসৰ শুকুৰবাৰৰ কাৰ্যক্ৰমণিকা অনুসৰি, পুৱা এইচপিচিএফৰ অধ্যক্ষ লাইচান ইংলেঙে পতাকা উত্তোলন কৰাৰ পিছত শ্বহীদ তৰ্পণ কৰা হয় ৷ ইয়াৰ পিছত ডিফু চহৰৰ মাজেৰে ২৬ টা জাতি-জনগোষ্ঠীৰ লোকে নিজ নিজ কলা-কৃষ্টি আৰু সাজ-পাৰ পৰিধান কৰি বৰ্ণিল শোভাযাত্ৰা উলিয়ায় ৷ সন্ধিয়া মুকলি সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এইচপিচিএফৰ সচিব প্ৰধান ধীৰাজ ডিফুচাই কয় যে পাহাৰীয়া জিলাখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ স্বকীয় ভাষা, কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা আদি ঐক্যবদ্ধভাৱে প্ৰতিফলিত কৰিবলৈ এইচপিচিএফ গঠন হৈছে ৷ জিলাখনৰ শান্তি আৰু ভাতৃত্ববোধ আৰু সকলো জাতি-জনগোষ্ঠীৰ প্ৰগতিৰ বাবে এইচপিচিএফ গঠন কৰা হৈছে ৷

এইচপিচিএফৰ অধ্যক্ষ লাইচান ইংলেঙে সাংবাদিকৰ আগত কয় যে পাহাৰীয়া জিলাখনত বিভিন্ন জাতি-জনগোষ্ঠীৰ ঐক্যবদ্ধ মঞ্চৰ জৰিয়তে ইটো জাতি-জনগোষ্ঠীক আনটো জাতি- জনগোষ্ঠীৰ ভাষা, কলা-কৃষ্টি, সংস্কৃতিৰ আদান-প্ৰদান কৰিবলৈ এই মঞ্চ গঠন হৈছে ৷ সন্ধিয়া সাংস্কৃতিক কাৰ্যসূচীৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি পৰে ।

লগতে পঢ়ক :জানুৱাৰীত আলোচনাপন্থী আলফাৰে হ’ব শান্তিচুক্তি, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

Last Updated : Dec 15, 2023, 9:14 PM IST

ABOUT THE AUTHOR

...view details