ডিমা হাছাও, 1 জুন : ডিমা হাছাও জিলা অসম ৰাইফলছ আৰু ডিমা হাছাও জিলা আৰক্ষী মঙলবাৰে যুটীয়া অভিযান চলাই নগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ এগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰে । অসম ৰাইফলছ আৰু ডিমা হাছাও জিলা আৰক্ষীয়ে ডিমা হাছাও জিলা আৰক্ষী থানাৰ অন্তৰ্গত লাইচং এলেকাত অভিযান চলাই নগা উগ্ৰপন্থী সংগঠনৰ সদস্যজনক গ্ৰেপ্তাৰ কৰে ৷
ডিমা হাচাওত সন্দেহযুক্ত এন এছ চি এন (আইএম) সদস্য গ্ৰেপ্তাৰ
সেনা আৰু আৰক্ষীৰ যুটীয়া দলে গ্ৰেপ্তাৰ কৰা এন এছ চি এন (আই এম)-ৰ সদস্যগৰাকী ডিমা হাছাও জিলাৰ কেলেলো গাঁৱৰ কিলাংচুংবে জেমি বুলি চিনাক্ত কৰা হৈছে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, কিলাংচুংবে জেমি 2015 চনৰ পৰা এন এছ চি এন (আই এম) সক্ৰিয় সদস্য হিচাবে কাম কৰি আহিছিল ।
ডিমা হাচাওত সন্দেহযুক্ত এন এছ চি এন (আইএম) সদস্য গ্ৰেপ্তাৰ
সেনা আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এন এছ চি এন (আই এম)-ৰ সদস্যজন ডিমা হাছাও জিলাৰ কেলেলো গাঁৱৰ কিলাংচুংবে জেমি বুলি চিনাক্ত কৰা হৈছে । আৰক্ষী সূত্ৰে জানিব পৰা মতে, কিলাংচুংবে জেমি 2015 চনৰ পৰা এন এছ চি এন (আই এম) সক্ৰিয় সদস্য হিচাবে কাম কৰি আহিছিল । তেওঁৰ বিৰুদ্ধে গাঁৱৰ মানুহক ভীতি প্ৰদৰ্শন কৰি ধন দাবীৰ অভিযোগ আছে । বৰ্তমানত আৰক্ষীয়ে উগ্ৰপন্থী সংগঠনৰ সদস্যজনক সোধপোচ অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :সংবাদমেলযোগে কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীয়ে ?