ডিফু,27 ফেব্ৰুৱাৰীঃ বিগত ২৫ ফেব্ৰুৱাৰীত কাৰ্বি আংলং জিলাৰ ডেনগাঁৱৰ নুৰীক আক্লামত বিজেপিৰ গণ সমাৱেশক ফ্লপ শ্ব’ আখ্যা দিয়ে জিলাখনৰ আত্মপ্ৰকাশ কৰা এনপিপি দলৰ পাৰ্ত্য ইউনিটে ৷ শুকুৰবাৰে ডিফু-মাঞ্জা পথৰ এনপিপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি এনপিপিৰ নেতৃত্বই নিজৰ মত প্ৰকাশ কৰিছে ৷
সংবাদ মেলত এনপিপি দলৰ মুখপাত্ৰ ওৱেলকাম টেৰণে কয় যে ২.৫০ লক্ষাধিক সমৰ্থকৰ অংশগ্ৰহণৰ লক্ষ্য লৈ সমাৱেশ আয়োজন কৰাৰ পিছত প্ৰায় ৫০ হাজাৰ সমৰ্থক সমৱেত হৈছিল ৷ এই ছবিয়ে জিলাবাসীয়ে বিজেপিক প্ৰত্যাখান কৰা বুলি প্ৰকাশ কৰে ৷ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু কেএনএলএফৰ মাজত শান্তি চুক্তি হ’ব বুলি বিজেপিয়ে জন সাধাৰণক মিছাকৈ কৈ সমাৱেশ সফল কৰাৰ চেষ্টা কৰিছিল বুলি এক প্ৰেছ বিবৃতিত উল্লেখ কৰে ৷ প্ৰস্তাৱিত শান্তি চুক্তি নিৰ্বাচনকেন্দ্ৰিক নেকি বুলিও অন্য এক প্ৰশ্ন উত্থাপন হৈছিল ৷ বিবৃতিটোত যদিহে দুয়োখন চৰকাৰ ২৪৪(ক) ৰূপায়ণক লৈ উদ্বিগ্ন, তেন্তে যোৱা ৭ বছৰে বিষয়টোক লৈ কিয় মৌনতা অৱলম্বন কৰিছিল সংবাদমেলযোগে প্ৰশ্ন কৰে এনপিপিৰ নেতৃত্বই ৷