ডিফু, ২০ অক্টোবৰ: কাৰ্বি আংলং জিলাৰ নৱ নিযুক্ত উপায়ুক্ত মধুমিতা ভাগৱতীয়ে আজি বিয়লি সংবাদকৰ্মীসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে (Newly appointed DC of Karbi Anglong Madhumita Bhagwati) ৷ জিলাখনৰ জ্যেষ্ঠ সাংবাদিকসকলৰ লগতে জিলাখনৰ প্ৰশাসনিক বিষয়াসকলো উপস্থিত থাকে এই মতবিনিময় অনুষ্ঠানত ৷
এই মত বিনিময় অনুষ্ঠানত জিলাখনৰ বিভিন্ন সমস্যাৰাজিকে ধৰি জিলাখনৰ ৰাজনৈতিক, সামাজিক, ভৌগলিক পৰিস্থিতি আদি সন্দৰ্ভত মতবিনিময় কৰে ৷ উপায়ুক্তগৰাকীয়ে সাংবাদিকসকলৰ দিহা পৰামৰ্শৰ লগতে সহযোগিতা কামনা কৰে (DC of Karbi Anglong Madhumita Bhagwati talks to reporters) ৷