ডিফু, 12 নৱেম্বৰ :ৰাষ্ট্ৰীয় ক্ৰেডেট ক্ৰপ চমুকৈ এন চি চিয়ে সম্পূৰ্ণ কৰিলে 75 বছত ৷ সেয়ে হীৰক জয়ন্তী উপলক্ষে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্য পৰিভ্ৰমণৰ উদ্দেশ্যে এন চি চিৰ মেজৰ জেনেৰেল গগণ দীপৰ নেতৃত্বত উলিওৱা হৈছে এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ ৰেলী 2023 ৷
সেই কাৰ ৰেলীৰ দলটো দেওবাৰে ডিফুত উপস্থিত হয় ৷ উক্ত কাৰ ৰেলী দলটোক ডিফুত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে আদৰণি জনায় ৷ লগতে কাৰ্বি সাংস্কৃতিক প্ৰকল্প তাৰালাংচত দলটোৰ পৰৱৰ্তী গন্তব্য স্থানৰ বাবে ফ্লেগ অফ কৰি এন চি চিৰ ক্ৰেডেটসকল শুভ কামনা জ্ঞাপন কৰে জিলা আয়ুক্তগৰাকীয়ে ৷
এই ক্ষেত্ৰত জিলা আয়ুক্ত গৰাকীয়ে কয় যে, ৰজত জয়ন্তী উপলক্ষে যোৱা 6 নৱেম্বৰত শ্বিলঙৰ পৰা এন চি চিৰ উত্তৰ-পূৰ্বাঞ্চল কাৰ ৰেলীৰ শুভাৰম্ভ কৰা হয় ৷ এই কাৰ ৰেলীয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ পৰিভ্ৰমণ কৰি 26 নৱেম্বৰত ৰাষ্ট্ৰীয় এন চি চি দিৱসৰ দিনা গুৱাহাটীত এই কাৰ ৰেলীৰ সামৰণি পৰিব ৷