অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰীক্ষক - National Observer of Aam Aadmi Party is busy preparation of election karbi anglong assam etv bharat news

কাৰ্বি আংলঙত আম আদমী পাৰ্টীৰ নিৰ্বাচনী তৎপৰতা ৷ অসমৰ সৰু-বৰ ৰাজনৈতিক দলক আম আদমী পাৰ্টীত যোগদান কৰিবলৈ আহ্বান ৰাষ্ট্ৰীয় নিৰীক্ষক ৰাজেশ শৰ্মাৰ ৷

National Observer of Aam Aadmi Party is busy preparation of election karbi anglong assam etv bharat news
নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰীক্ষক

By

Published : Sep 4, 2020, 3:17 PM IST

ডিফু,4 চেপ্তেম্বৰ : সমাগত ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচন ৷ সেই মৰ্মে বিভিন্ন ৰাজনৈতিক দলে ভোটাৰৰ মন আকৰ্ষিত কৰাৰ বাবে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি থকাৰ সময়তে দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নীতি-আদৰ্শ ৰাজ্যত বিয়পাবলৈ তৎপৰ হৈ উঠিছে আম আদমী পাৰ্টী ৷ এই উদ্দেশ্যে দলটোৰ ৰাষ্ট্ৰীয় নিৰীক্ষকৰ দায়িত্বত ন্যস্ত থকা ৰাজেশ শৰ্মাৰ নেতৃত্বত এটা দলে সাংগঠনিক তৎপৰতা বৃদ্ধিৰ বাবে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰা আৰম্ভ কৰিছে ৷

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় নিৰীক্ষক

একেই উদ্দেশ্য আগত ৰাখি কাৰ্বি আংলঙত দলটো বৃহস্পতিবাৰে উপস্থিত হয় ৷ উক্ত নিৰীক্ষকৰ দলটোৰ আগমনৰ বাবে কাৰ্বি আংলং আম আদমী পাৰ্টীৰ ডিফুস্থিত কাৰ্যালয়ত জিলা সভাপতি মিণ্টু পাটৰ আৰু সাধাৰণ সম্পাদক কাৰ্তিক বে’ৰ নেতৃত্বত এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয় ৷ উক্ত সভাত ৰাষ্ট্ৰীয় নিৰীক্ষক গৰাকীয়ে ৰাজ্যৰ সৰু-বৰ প্ৰতিটো ৰাজনৈতিক দলত আম আদমী পাৰ্টীত যোগ দিবলৈ আহ্বান জনায় ৷

সন্মিলিত আৰু ঐক্যবদ্ধ শক্তিৰে আগুৱাবলৈ হ’লে প্ৰত্যেকে একত্ৰিত হৈ যুঁজিব লাগিব বুলি উল্লেখ কৰে দলটোৰ নিৰীক্ষকগৰাকীয়ে ৷ ৰাজধানী দিল্লী চহৰৰ দৰে অসমতো বিনামূলীয়া বিজুলী, পানী, শিক্ষা আৰু মহিলাক সুৰক্ষা দিব পৰা এখন সুস্থিৰ চৰকাৰ গঠন কৰিবলৈ হ’লে জন সাধাৰণক আম আদমী পাৰ্টীৰ দৰে ৰাজনৈতিক দলৰ প্ৰয়োজন আছে বুলি নিৰীক্ষক ৰাজেশ শৰ্মাই উপস্থিত দলীয় কৰ্মীসকলৰ আগত ব্যক্ত কৰে ৷

লগতে চাওকঃসমাগত বিশ্বকৰ্মা পূজা: মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ

For All Latest Updates

ABOUT THE AUTHOR

...view details