অসম

assam

ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তই জ্বলালে বন বিভাগৰ শিবিৰ - Assam-Nagaland border

সোমবাৰে সন্ধিয়া অসম-নাগালেণ্ড সীমান্ত অঞ্চলত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ কাৰ্বি আংলং জিলাৰ দলদলী সংৰক্ষিত বনাঞ্চলত সংঘটিত হয় অপ্ৰীতিকৰ ঘটনা ৷ সন্ধিয়া সংৰক্ষিত বনাঞ্চলত থকা বন বিভাগৰ শিবিৰত অগ্নিসংযোগ কৰে নগা দুৰ্বৃত্তই ৷

অসম-নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তই জ্বলাই দিলে বনবিভাগৰ কাৰ্যালয়
অসম-নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তই জ্বলাই দিলে বনবিভাগৰ কাৰ্যালয়

By

Published : Apr 6, 2021, 11:17 AM IST

Updated : Apr 6, 2021, 3:33 PM IST

ডিফু,6 এপ্ৰিল: পুনৰ অশান্ত হৈছে অসম-নাগালেণ্ড সীমান্ত ৷ সোমবাৰে সন্ধিয়া অসম-নাগালেণ্ড সীমান্ত অঞ্চলত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ কাৰ্বি আংলং জিলাৰ দলদলী সংৰক্ষিত বনাঞ্চলত সংঘটিত হয় অপ্ৰীতিকৰ ঘটনা ৷ সন্ধিয়া সংৰক্ষিত বনাঞ্চলত থকা বন বিভাগৰ শিবিৰত অগ্নিসংযোগ কৰে নগা দুৰ্বৃত্তই ৷ ঘটনাস্থলীত শীৰ্ষ পৰ্যায়ৰ আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্তৰ বাবে সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল ৷

অসম-নাগালেণ্ড সীমান্তত নগা দুৰ্বৃত্তই জ্বলালে বন বিভাগৰ শিবিৰ

কিন্তু, জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয়, সমগ্ৰ ঘটনাক লৈ সন্দেহৰ সৃষ্টি হৈছে আৰু ইয়াৰ ওপৰত এক তদন্তৰ প্ৰয়োজন আছে ৷ যদিহে শিবিৰটোত অস্ত্ৰ-শস্ত্ৰলৈ সু-সজ্জিত হৈ গণ আক্ৰমণ হৈছিল তেন্তে শিৱিৰটোৰ খুঁটা বা অইন বস্তুত আক্ৰমণৰ চিন থাকিলেহেঁতেন কিন্তু তেনে কোনো চিন পৰিলক্ষিত হোৱা নাই ৷ এই অগ্নিকাণ্ডৰ বাবেই শিৱিৰটোত থকা অস্ত্ৰসমূহ জ্বলি যায় বুলি স্বীকাৰ কৰে যদিও তদন্তৰ পাচতহে প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: EVM বিকলকলৈ ৰৌমাৰী এল পি স্কুলত উত্তপ্ত পৰিস্থিতি

Last Updated : Apr 6, 2021, 3:33 PM IST

ABOUT THE AUTHOR

...view details