অসম

assam

ETV Bharat / state

চমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ - Samila Ranghangpi

চমিলা ৰংহাংপীৰ হত্যাকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰ্বি আংলঙত ৷ ডিফুত কেএছএকেৰ লগতে জিলাখনৰ কেইবাটাও সংগঠনে এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰি উক্ত ঘটনাক গৰিহণা দিয়ে ৷

চমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কাৰ্বি সংগঠনৰ
চমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কাৰ্বি সংগঠনৰ

By

Published : Apr 23, 2021, 11:02 PM IST

ডিফু, ২৩ এপ্ৰিলঃনগাওঁ জিলা ৰহা খাইগঁড়ৰ প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰত বনকৰা কৰ্মী হিচাপে থকা চমিলা ৰংহাংপীৰ মৃতদেহ উদ্ধাৰ হোৱা পাচতে কাৰ্বি আংলঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ডিফুত কেএছএৰ লগতে জিলাখনৰ কেইবাটাও সংগঠনে এক যুটীয়া সংবাদমেল অনুষ্ঠিত কৰি উক্ত ঘটনাক গৰিহণা দিয়ে ৷

চমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কাৰ্বি সংগঠনৰ

কাৰ্বি ছাত্ৰ সন্থা ইউকেএ আৰু ডব্লিউ জে এফ সংগঠন দুটাৰ নেতৃবৰ্গই কিশোৰী গৰাকীৰ মৃত্যুৰ বাবে ৰহাৰ খাইগঁড়ৰৰ প্ৰকাশ বৰঠাকুৰ পৰিয়ালক জগৰীয়া কৰিছে ৷ কাৰণ জানিব পৰা মতে, কিশোৰী গৰাকী প্ৰকাশ বৰঠাকুৰৰ ঘৰত বনকৰা হিচাপে আছিল ৷ জিলাখনৰ সংগঠন সমূহে এইলৈ আজি জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিছে ৷

চমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰী পত্ৰ প্ৰেৰণ

স্মাৰক পত্ৰখনত সংগঠন সমূহে ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰাৰ লগতে উক্ত ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ফাৰ্ষ্ট ট্ৰেক আদালতত চলোৱাৰ লগতে প্ৰয়াত কিশোৰী গৰাকীৰ পৰিয়াল বৰ্গলৈ ২০ লাখ টকাৰ ক্ষতিপূৰণৰ বাবে চৰকাৰক দাবী জনায় ৷ আনহাতে এই ঘটনাৰ সন্দৰ্ভত All Assam Karbi youth Associationৰ সাধাৰণ সম্পাদক কমল ৰংহাং, অল ইণ্ডিয়া ট্ৰাইবেল ষ্টুডেণ্টছ এচছিয়েচনৰ অসমৰ সভাপতি সুনিল কুমাৰ টেৰণ, সদৌ অসম কাৰ্বি ছাত্ৰ সংন্থাৰ সাধাৰণ সম্পাদক কৃষ্ণ টেৰাঙৰ লগতে ৰহাৰ বিভিন্ন দল সংগঠন আৰু ৰাইজে ঘটনাৰ উচিত তদন্ত বিচাৰি দোষীক দৃষ্টান্ত মূলক শাস্তি বিহাৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক : অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ

ABOUT THE AUTHOR

...view details