হোজাই, 27 জুলাই :ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ ত্ৰাস চলি থকাৰ মাজতে সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত এক হত্যাকাণ্ড সংঘটিত হয় ৷ খেৰণিৰ বৰ-মাটিখোলাত সংঘটিত হৈছে এই ঘটনা ৷ অভিযোগ অনুসৰি,পাঁচ সতীৰ্থই হত্যা কৰিছে জীতেন্দ্ৰ ৰাম নামৰ 20 বছৰীয়া যুৱকজনক ৷ নিশা হত্যা কৰি আমৰেং বনাঞ্চলৰ এডাল গছত ৰছীৰে ওলমাই ৰখাৰ অভিযোগ উখাপন হৈছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি,দেওবাৰৰ নিশা চাৰিজন সতীৰ্থৰ সৈতে হাতী পহৰা দিবলৈ একেলগে টঙি ঘৰত আছিল জীতেন্দ্ৰ নামৰ যুৱকজন । কিন্তু পিছদিনা জীতেন্দ্ৰ ঘৰলৈ উভতি নহাত পৰিয়ালৰ সদস্যই সতীৰ্থক সোধ-পোচ কৰে যদিও সতীৰ্থই নিশাই জীতেন্দ্ৰ ঘৰলৈ উভতি অহা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকক । পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে জীতেন্দ্ৰৰ কোনো ধৰণৰ সন্ধান নাপাই খেৰণি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে চাৰি সতীৰ্থক আটক কৰি মাৰাথন জেৰা অব্যাহত ৰখাৰ পিচত তেওঁলোকে জীতেন্দ্ৰক হত্যা কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে বুলি আৰক্ষীয়ে জানিব দিয়ে ৷