অসম

assam

চৰকাৰে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ চেষ্টা কৰি আছে যদিও সফল হ’ব পৰা নাই : কুইন ওজা

By

Published : Jun 14, 2022, 10:39 PM IST

পূৰ্বতকৈ এইবাৰ বৰষুণ বেছি হৈছে (Heavy rainfall in assam) ৷ যাৰ বাবে মাত্ৰাধিক জুৰুলা হৈছে মহানগৰবাসী ৷ বিজেপিৰ এক সভাত অংশ লৈ ডিফুত গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত এই মন্তব্য কৰে সাংসদ কুইন ওজাই (MP Queen Oja comments on Guwahati artificial floods)৷

চৰকাৰে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ চেষ্টা কৰি আছে যদিও সফল হ’ব পৰা নাই : কুইন ওজা
চৰকাৰে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ চেষ্টা কৰি আছে যদিও সফল হ’ব পৰা নাই : কুইন ওজা

ডিফু, 14 জুন : ‘‘গুৱাহাটীৰ বৰষুণ মই দেখিছো ৷ কৃত্ৰিম বানে মহানগৰবাসীক জুৰুলা কৰিছে ৷ পূৰ্বতকৈ এইবাৰ বেছিকৈ বৰষুণ হৈছে(Heavy rainfall in Assam) ৷ যাৰ বাবে এই সমস্যা সমাধানৰ বাবে কাউঞ্চিলাৰসকলে দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছে’’ ৷ মঙলবাৰে ডিফুৰ টাউন হলত আয়োজন কৰা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ লৈ এই মন্তব্য কৰে সাংসদ তথা মহানগৰীৰ প্ৰাক্তন মেয়ৰ কুইন ওজাই (MP Queen Oja comments on Guwahati artificial floods) ৷

চৰকাৰে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ চেষ্টা কৰি আছে যদিও সফল হ’ব পৰা নাই : কুইন ওজা

আনহাতে, 2016 চনৰ পৰা বিজেপিৰ শাসন থকাৰ পিছতো গুৱাহাটী চহৰৰ কৃত্ৰিম বানৰ সমস্যা (Artificial floods in Guwahati) সমাধান পথ কিয় উদ্ভাৱন নহ’ল বুলি সাংবাদিকে কৰা প্ৰশ্নত সাংসদগৰাকীয়ে কয়, ‘‘মই বৈজ্ঞানিক নহয় ৷ চৰকাৰে সমস্যা সমাধানৰ চেষ্টা কৰি আছে যদিও সফল হ’ব পৰা নাই ৷ এই সন্দৰ্ভত চৰকাৰৰো দায়িত্ব আছে আৰু চৰকাৰে দায়িত্ব পালন কৰি আছে ৷সকলোৱে প্ৰকৃতিৰ লগত সহাৱস্থান কৰি প্ৰকৃতি ধ্বংস কৰাৰ বাবে হয়তু এনে দুৰ্যোগ ভোগ কৰিব লগীয়া হৈছে’’ ৷

লগতে গুৱাহাটী মহানগৰীৰ ক'ত ক'ত পানী জমা হয়, সেই স্থানবোৰৰ পৰা পানী উলিয়াই দিয়াৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰি আছে বুলিও মন্তব্য কৰে সাংসদ কুইন ওজাই ৷ আনহাতে, সাংসদগৰাকী অমৃত সৰোবৰ আঁচনিৰ জৰিয়তে সৰোবৰ খান্দি সৰোবৰত পানী বিশেষকৈ বৰষুণৰ পানী সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও সাংবাদিকৰ আগত সদৰি কৰে ৷

লগতে পঢ়ক :প্ৰৱল বৰষুণৰ সম্ভাৱনা: বুধবাৰে গুৱাহাটীত স্কুল-কলেজ বন্ধ ৰখাৰ পৰামৰ্শ জিলা উপায়ুক্তৰ

ABOUT THE AUTHOR

...view details