গুৱাহাটী 30 নবেম্বৰ: বিগত 23 নৱেম্বৰত নতুন নতুন স্থানত খাৰুৱা তেলৰ সন্ধানত নামি পৰা অইল ইণ্ডিয়া লিমিটেডে(Oil India Ltd. search of crude oil in new locations) ৷ সেই একে উদ্দেশ্য লৈ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ লগত এক বুজাবুজিৰ চুক্তিত উপনীত হোৱাৰ কাৰ্যক লৈ তৎপৰ হৈ উঠিছে নগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন এছ চি এন-আই এমৰ নেতৃত্ববৃন্দ । ইতিমধ্যে এই চুক্তিয়ে বিদ্ৰোহী সংগঠনটোৰ বৃহত্তৰ নাগালিম গঠনৰ আঁৰত থকা উদ্দেশ্যক আঘাত হনা বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে ।
উল্লেখযোগ্য যে বিগত 24 নৱেম্বৰৰ দিনা এক বুজাবুজিৰ চুক্তিৰ দ্বাৰা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে অইল ইণ্ডিয়া কতৃপক্ষক ধনশিৰি সংৰক্ষিত বনাঞ্চলকে ধৰি সামগ্ৰিকভাৱে ধনশিৰি উপত্যকাত তৈলসম্পদৰ সন্ধান কৰিবলৈ আনুষ্ঠানিকভাৱে অনুমোদন প্ৰদান কৰিছে(Karbi Anglong Autonomous Council has given official approval to OIL)৷ এই চুক্তিৰ জৰিয়তে অসম নাগালেণ্ড সীমান্তৰ 396 বৰ্গকিলোমিটাৰ এলেকাজুৰি তৈল সম্পদৰ সন্ধান কৰিব পাৰিব অইল ইণ্ডিয়া কতৃপক্ষই ।
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ ডিফুত থকা মুখ্য কাৰ্যালয়ৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উদ্যোগ আৰু উপস্থিতিত এই চুক্তিত সাক্ষৰ কৰে পৰিষদৰ প্ৰধান সচিব মুকুল কুমাৰ শইকীয়া আৰু অইলৰ কাৰ্যবাহী সঞ্চালক ড৹ মানস কুমাৰ শৰ্মাই । উল্লেখ্য যে, এক বৃহৎ তৈল ভাণ্ডাৰ হিচাপে চিহ্নিত ধনশিৰি উপত্যকা(Dhansiri valley marked as one of the largest oil reserves)ক বৃহত্তৰ নাগালিমৰ অংশ বুলি ঘোষণা কৰা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন-আই এময়ে অঞ্চলটোত তৈল সন্ধান কৰাৰ পৰা অইল ইণ্ডিয়া লিমিটেডক বাধা দি আহিছে । সংগঠনটোৰ মতে নাগালিমৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে মানি লোৱাৰ পাছতহে ধনশিৰি উপত্যকাত অইল ইণ্ডিয়া লিমিটেডক তৈল খনন কৰিবলৈ দিয়া হ'ব । ইতিমধ্যে এই উদ্দেশ্য আগত ৰাখিয়েই বিদ্ৰোহী সংগঠনটোৱে অসমৰ লগত সীমা সংঘাততো লিপ্ত হৈ আহিছে ।
লগতে পঢ়ক :Teacher arrested in Mairabari: প্ৰশ্নকাকত ফাদিল কৰি আৰক্ষীৰ জালত শিক্ষকসহ বন কৰা যুৱক