ডিফু,20 মাৰ্চ:ৰাজ্যজুৰি বিধানসভা নিৰ্বাচনৰ ধামখুমীয়া অব্যাহত থকাৰ সময়তে সংশোধিত নাগৰিকত্ব আইন চমুকৈ 'কা'ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ ইয়াৰ অংশ হিচাপে শনিবাৰে দিনৰ প্ৰায় 11 বজাত বকলীয়াঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত এক বিশাল মটৰ চাইকেল ৰেলী উলিওৱা হয় ৷
'কা'ৰ বিৰোধিতাৰে বকলীয়াঘাটত আছুৰ ৰেলী - সংশোধিত নাগৰিকত্ব আইন চমুকৈ 'কা'
'কা'ৰ বিৰোধিতাৰে বকলীয়াঘাটত আছুৰ মটৰ চাইকেল ৰেলী ৷ বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে ৷
'কা'ৰ বিৰোধিতাৰে বকলীয়াঘাটত আছুৰ মটৰ চাইকেল ৰেলী
ছাত্ৰ সংগঠনটোৰ শতাধিক কৰ্মীয়ে হাতে হাতে সন্থাৰ পতাকা লৈ বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰৰ পৰা সমগ্ৰ বকলীয়াঘাট এলেকা পৰিভ্ৰমণ কৰি বহু বিতৰ্কিত আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে 'কা' আমি নামানো, জয় আই অসম ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক:মাহমৰাত নিৰ্বাচনী হিংসা: মন্ত্ৰী যোগেন মহন জড়িত থকাৰ অভিযোগ