অসম

assam

হাওৰাঘাটত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

By

Published : Aug 20, 2020, 10:47 PM IST

আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ আৰু নিৰ্বাচনী ৰণ কৌশল ৷ পাহাৰীয়া জিলা কার্বি আংলঙতাে নির্বাচনক কেন্দ্র কৰি সাংগঠনিক তৎপৰতা অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে হাওৰাঘাট বিধানসভা সমষ্টিত শাসকীয় বিজেপি দলৰ প্রতি প্রত্যাহ্বান সৃষ্টি কৰি সমষ্টিটোৰ ১১৭ টা পৰিয়ালে বিজেপি ত্যাগ কৰি কংগ্রেছ দলত যােগদান কৰে ।

হাওৰাঘাটত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান
হাওৰাঘাটত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

ডিফু, ২० আগষ্ট :সমাগত ২০২১ৰ বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক-বিৰোধী উভয় পক্ষই কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে ৷ আৰম্ভ হৈছে নিৰ্বাচনী কুচ-কাৱাজ আৰু নিৰ্বাচনী ৰণ কৌশল ৷ ইয়াৰে প্ৰাথমিক কৌশল হিচাপে আৰম্ভ হৈছে বিভিন্ন দলৰ পৰা বাগৰি অহা নেতা-সদস্যৰ আন দলত যোগদান প্ৰক্ৰিয়া ৷ এই ক্ষেত্ৰত শাসকীয় পক্ষৰ সমান্তৰালকৈ প্ৰধান বিৰোধী দল কংগ্ৰেছতো আৰম্ভ হৈছে যোগদান পৰ্ব ৷

পাহাৰীয়া জিলা কার্বি আংলঙতাে নির্বাচনক কেন্দ্র কৰি সাংগঠনিক তৎপৰতা অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে হাওবৰাঘাট বিধানসভা সমষ্টিত শাসকীয় বিজেপি দলৰ প্রতি প্রত্যাহ্বান সৃষ্টি কৰি সমষ্টিটোৰ ১১৭ টা পৰিয়ালে বিজেপি ত্যাগ কৰি কংগ্রেছ দলত যােগদান কৰে । এই উদ্দেশ্যে দিনৰ প্রায় এঘাৰ বজাত হাওৰাঘাট নগৰস্থিত হাওৰাঘাট ব্লক কংগ্রেছৰ কার্যালয় ৰাজীৱ ভৱনত আয়ােজিত এক কর্মী সভাত সমষ্টিটোৰ ভালে সংখ্যক লােকে কংগ্রেছ দলত আনুষ্ঠানিকভাবে যােগদান কৰে ।

হাওৰাঘাট ৰাজীৱ ভৱনত ৰাজীৱ গান্ধীক শ্ৰদ্ধাঞ্জলি

কার্বি আংলং জিলা কংগ্রেছৰ উপ-সভাপতি ৰতন ইংতিয়ে সভাখনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি প্রদান কৰা ভাষণত শাসকীয় বিজেপি দলক ক্ষুৰধাৰ সমালােচনা কৰি বিজেপি দলৰ নির্বাচনপূর্বক পৰিৱর্তনৰ প্রতিশ্রুতি আজি বাস্তৱত পৰিণত হােৱাটো দেখিবলৈ পােৱা হােৱা নাই বুলি অভিযােগ কৰে। ধর্মৰ নামত সমাজখনক ভাগ-ভাগ কৰা দলটোৱে চৰকাৰখনৰ দুর্নীতি-অনিয়মৰ বিৰুদ্ধে মাত মাতিলেই দমনমূলক নীতিৰে প্রতিবাদী কণ্ঠক ৰোধ কৰাৰ চেষ্টা চলায় বুলি মন্তব্য কৰে । চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰোধিতা কৰাৰ বাবেই অখিল গগৈক আজি পর্যন্ত কাৰাৰুদ্ধ কৰি বখা বুলি মন্তব্য কৰি পাহাৰীয়া জিলাখনতাে দুর্নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবেই মােহন ইংতিৰ দৰে আৰ টি আই কর্মীক যড়যন্ত্রমূলকভাৱে কাৰাগাৰলৈ প্রেৰণ কৰা বুলি ক্ষোভ প্রকাশ কৰে।

শতাধিক বিজেপি কৰ্মী কংগ্ৰেছত যোগদান

কংগ্রেছ দল ক্ষমতালৈ আহিলেই কার্বি আংলং দুর্নীতিগ্রস্ত স্বায়ত্বশাসিত পৰিষদত তলা ওলমিব বুলি মন্তব্য কৰি সমাগত নির্বাচনত কংগ্রেছ দলেই পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি দৃঢ়তাবে মন্তব্য কৰে । শেহতীয়াকৈ চৰকাৰে গ্রহণ কৰা ভূমি নীতিয়ে অসমৰ সম্পদ ধ্বংস কবিব বুলি অভিযােগ কৰি কংগ্রেছ নেতাগবাকীয়ে লগতে বিজেপিৰ শাসনত গণতন্ত্র বিপদাপন্ন হােবা বুলি মন্তব্য কৰে। সভাৰ পূর্বে প্ৰাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধীৰ ৭৬ সংখ্যক জন্মদিৱস উপলক্ষে প্রয়াত নেতাগৰাকীৰ প্রতিচ্ছবিত মাল্যাপৰ্ণ কৰা হয় । প্রাক্তন কেবিনেট মন্ত্রী তথা কার্বি আংলং জিলা কংগ্রেছৰ সভাপতি খৰছিং ইংতিয়েও উক্ত সভাত অংশগ্রহণ কৰে।

লগতে পঢ়ক :বানৰ পিচত চহৰা পোকৰ আক্ৰমণত শংকিত লখিমপুৰৰ কৃষক

ABOUT THE AUTHOR

...view details