গুৱাহাটী, ১৭ জুন: ৰাজ্যৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত শিক্ষকৰ অভাৱে সমস্যাত পেলাইছে শিক্ষাৰ্থীসকলক । বিশেষকৈ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে মহাবিদ্যালয়সমূহত বিষয় অনুপাতে প্ৰয়োজনীয় সংখ্যক শিক্ষক নথকাত উচ্চ শিক্ষা গ্ৰহণত অসুবিধাৰ সন্মুখীন হ’ব লাগিব৷ ইয়াৰ মূলতে হৈছে যে ৰাজ্যৰ তিনি শতাধিক মহাবিদ্যালয়ত অনুমোদিত পদৰ অনুপাতে নাই শিক্ষক ।
যাৰ ফলত এই সমস্যাৰ উদ্ভৱ হৈছে । ৰাজ্যত উচ্চ শিক্ষাৰ বাবে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ অভাৱ নাই যদিও এই শিক্ষানুষ্ঠানসমূহত দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়ে অধ্যয়ন কৰাটো সম্ভৱ নহয় । এনে শিক্ষাৰ্থীসকলৰ বাবে চৰকাৰী খণ্ডৰ উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহেই হৈছে জীৱন গঢ়াৰ স্থল । কিন্তু উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহত বিশেষকৈ কলেজসমূহত বহু গুৰুত্বপূৰ্ণ বিষয়ৰ তিনি শতাধিক শিক্ষকৰ পদ খালী হৈ আছে ।
খালী হৈ থকা শিক্ষকৰ পদসমূহ সোনকালে পূৰণ কৰাটোও সম্ভৱ নহ’ব । কাৰণ ৰাজ্য চৰকাৰে অসমৰ কলেজ (প্ৰাদেশিকীকৰণ) (সংশোধনী) বিধেয়ক ২০২৩ অনুসৰি কলেজৰ অধ্যাপক আৰু কৰ্মচাৰীৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী বাছনি কৰিবলৈ অসম কলেজ সেৱা নিযুক্তি ব’র্ড গঠন কৰাৰ সিদ্ধান্ত লৈছে ৷ উচ্চ শিক্ষা বিভাগৰ এক সূত্ৰই জনোৱা মতে এই নিযুক্তি ব'ৰ্ড গঠন কৰি শিক্ষক বাছনি কৰা প্ৰক্ৰিয়াটোৰ বাবে যথেষ্ঠ সময়ৰ প্ৰয়োজন হ’ব ।
যাৰ ফলত অনুমোদিত খালী পদসমূহত নিযুক্তি কেতিয়া হ’ব সেয়া বৰ্তমান অনিশ্চয়তাত আছে । উচ্চ শিক্ষা বিভাগৰ তথ্য মতে বিগত মাৰ্চ মাহ পর্যন্ত অসমৰ কলেজসমূহত ৬৪০ টা সহকাৰী শিক্ষকৰ পদ খালী হৈ আছিল । ২৫ মে'ত ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ অংশ হিচাপে কলেজৰ ৪২১ টা সহকাৰী শিক্ষকৰ পদত কলেজ পৰিচালনা সমিতিয়ে বাছনি কৰা মতে নিযুক্তি দিয়া হ'ল । কিন্তু বিগত ২১ মাৰ্চৰ পৰা কলেজ পৰিচালনা সমিতিয়ে সাক্ষাৎকাৰ গ্ৰহণ কৰি শিক্ষক বাছনি কৰাৰ ক্ষমতা নাইকিয়া কৰা হৈছে ।
অর্থাৎ এতিয়া কলেজ শিক্ষকক বাছনি কৰিব পাৰিব কেৱল নিযুক্তি ব’ৰ্ডে । এই ব'ৰ্ড কেতিয়া গঠন হ’ব তাৰ কোনো নিশ্চয়তা নাই । যাৰ ফলত খালী পদৰ বাকী থকা প্ৰায় ২১৯ টাকে ধৰি এই সময়ছোৱাৰ ভিতৰত অৱসৰ গ্ৰহণ কৰা আৰু অন্যান্য কাৰণত চাকৰি বাদ দিয়া শিক্ষককে ধৰি কলেজ শিক্ষকৰ প্ৰায় ৩০০ টা পদ খালী হৈ থকাৰ কথা উচ্চ শিক্ষা বিভাগৰ সূত্ৰটোৱে জানিবলৈ দিয়ে ।
উল্লেখ্য যে অর্থনীতি, ইংৰাজী, গণিত, ৰাজনীতি বিজ্ঞান, বুৰঞ্জী, শিক্ষা, অসমীয়া, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আদিৰ দৰে গুৰুত্বপূৰ্ণ একোটা বিষয়ত ৭৬ টা পর্যন্ত কলেজ শিক্ষকৰ পদ খালী হৈ আছে । লক্ষণীয় বিষয় যে সদ্যঘোষিত মেট্ৰিক পৰীক্ষাত তিনি লক্ষাধিক শিক্ষার্থী উত্তীৰ্ণ হৈছে । তদুপৰি উচ্চতৰ মাধমিকৰ কলা শাখাত ১,৮৩,১৮০ গৰাকী, বিজ্ঞান শাখাত ৩৯,৪০৫ গৰাকী আৰু বাণিজ্য শাখাত ১৬,২৪৫ গৰাকী শিক্ষার্থী উত্তীৰ্ণ হৈছে ।
এই শিক্ষাৰ্থীসকলৰ মাজৰ পৰা সামৰ্থৱান সকলে নামী-দামী বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব । কিন্তু অধিকাংশ মধ্যবিত্ত, নিম্ন মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীসকলৰ বাবে শিক্ষা গ্ৰহণৰ শেষ সুযোগ হ’ল চৰকাৰী কলেজসমূহ । কিন্তু এই কলেজসমূহত শিক্ষকৰ অভাৱে দেখা দিছে সমস্যাৰ । শিক্ষকৰ এনে এক অভাৱৰ মাজতে নতুনকৈ মেট্ৰিক বা উচ্চতৰ মাধ্যমিকত উত্তীর্ণসকলে নিজৰ উচ্চ শিক্ষাৰ যাত্ৰা আৰম্ভ কৰিব লাগিব ।
লক্ষণীয় বিষয় যে কলেজত শিক্ষক নিযুক্তিৰ বাবে পূৰ্বে থকা পৰিচালনা সমিতিৰ ক্ষমতা বিলোপ কৰাৰ পাচত শিক্ষক নিযুক্তি ব’ৰ্ড কেতিয়াকৈ গঠন হ’ব তাৰো নিশ্চয়তা নাই । কাৰণ প্ৰস্তাৱ অনুসৰি নিযুক্তি ব’ৰ্ডে প্ৰার্থী বাছনিৰ বাবে লিখিত পৰীক্ষাৰ উপৰি সাক্ষাৎকাৰো অনুষ্ঠিত কৰিব । উচ্চ শিক্ষা বিভাগৰ সূত্ৰটোৰ মতে এই বছৰৰ শেষৰ ফালে প্ৰাৰ্থী বাছনি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে । এনে এক পৰিস্থিতিত গুৰুত্বপূৰ্ণ বিভাগসমূহত প্ৰয়োজনীয় সংখ্যক শিক্ষক অবিহনেই শিক্ষাৰ্থীসকলে গ্ৰহণ কৰিব লাগিব শিক্ষা ।
লগতে পঢ়ক:Jonali Nath murder updates : হাছানুৰৰ সহযোগী আজিবৰ ৰহমানক গ্ৰেপ্তাৰ