অসম

assam

By

Published : Jun 18, 2019, 1:42 PM IST

ETV Bharat / state

কাৰ্বি-আংলঙত হোজাইৰ শ্ৰমিকক মাৰধৰ

সাধাৰণ কথাতে আইন হাতত তুলি লোৱাৰ প্ৰৱণতা দিনক দিনে বৃদ্ধি পাইছে অসমত। কাৰ্বি-আংলঙত উম্মত্ত দলে এজন নিৰীহ মানুহক অত্যাচাৰ কৰাৰ ঘটনাই জোকাৰী গৈছে পুনৰ ৷

কাৰ্বি-আংলঙত হোজাইৰ শ্ৰমিকক মাৰধৰ কৰাৰ ঘটনা

কাৰ্বিআংলং,১৮ জুন : পুনৰ কাৰ্বি-আংলঙত উম্মত্ত দলে এজন নিৰীহ মানুহক অত্যাচাৰ কৰাৰ ঘটনাৰ পুনৰাবৃত্তি হয়। কাৰ্বি আংলঙৰ এটা ইটা ভাটাত কাম কৰা এজন শ্ৰমিকক ভাটাটোৰ মালিক আৰু ১৫-১৬ জন শ্ৰমিকে দলৱদ্ধভাৱে মাৰপিট কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

কাৰ্বি-আংলঙত হোজাইৰ শ্ৰমিকক মাৰধৰ কৰাৰ ঘটনা

ভুক্তভোগী শ্ৰমিকজনৰ ঘৰ হোজাই জিলাৰ বৰবালী গাঁৱত। ঘটনাৰ বিৱৰণী অনুসৰি আব্দুল কালাম নামৰ এজন শ্ৰমিকে কাৰ্বিআংলঙৰ হাওঁৰাঘাট অঞ্চলৰ ডিলাইডাংগাত থকা হামি চাহুৰ ইটা ভাটা এটাত কাম কৰিছিল । অভিযোগ অনুসৰি যোৱা ১৫ জুনত ইটা ভাটাৰ মালিকৰ স'তে শ্ৰমিক জনৰ কোনো কথাত মতানৈক্য হোৱাত মালিক আৰু আন কৰ্মাচাৰীসকলে দলৱদ্ধভাৱে শ্ৰমিক কালামক মাৰপিট কৰি বান্ধি থয়। তেনে সময়তে ভুক্তভোগী গৰাকীয়ে সুযোগ বুজি কোনোমতে নিজকে মুকলি কৰি পলাবলৈ চেষ্টা কৰাত ইটাভাটাৰ মানুহে দা,লাঠি লৈ খেদি খেদি আকৌ তেওঁক প্ৰহাৰ কৰে। আৰু সেই দিনাৰ পৰাই শ্ৰমিক জনৰ আজিলৈকে কোনো সন্ধান নাই বুলি জনাই কালামৰ আত্মীয়ই। পৰৱৰ্তী সময়ত ভুক্তভোগীৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত হাওঁৰাঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ আৰু ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে ভুক্তভোগী কালামৰ চাইকেল উদ্ধাৰ কৰে।

ABOUT THE AUTHOR

...view details