ডিফু, ২৮ ডিচেম্বৰ :মঙলবাৰে কাৰ্বিআংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান দোদুকলনিত উপস্থিত হয় AIUDF ৰ বিধায়ক আমিনুল ইছলাম । খটখটি আৰক্ষী চকীৰ অন্তৰ্গত লাহৰিজান দোদুকলনিত উচ্ছেদিত ঠাইসমূহ ভ্ৰমণৰ উদ্দেশ্যে ধিং সমষ্টিৰ AIUDF ৰ বিধায়ক গৰাকী উপস্থিত হয় । মঙলবাৰে, লাহৰিজানত উপস্থিত হৈ বিধায়ক গৰাকীয়ে অসম চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদক ক্ষুৰধাৰ সমালোচনা কৰা দেখা যায় (Aminul islam criticizes KAAC) ।
অসমত বৰ্তমান চৰকাৰে মুছলিম নিধন যজ্ঞ চলাইছে :আমিনুল ইছলাম
লাহৰিজান উচ্ছেদক লৈ বিধায়ক আমিনুল ইছলামৰ সংবাদমেল (MLA Aminul islam on Laharijan eviction) । জানো আহক কি ক’লে আমিনুল ইছলামে ৷
উল্লেখ্য যে, লাহৰিজান অঞ্চলত স্বায়ত্ত শাসিত পৰিষদে চক্ৰান্তমূলক ভাৱে উচ্ছেদ চলায় বুলি অভিযোগ উত্থাপন কৰে বিধায়ক গৰাকীয়ে । ইয়াৰ লগতে উচ্ছেদিত লোকসকলক পুনৰ ভূমি ঘূৰাই দি বাসগৃহ নিৰ্মাণৰ বাবে তেওঁ চৰকাৰক দাবী জনায় । লাহৰিজানত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে চলোৱা উচ্ছেদ অভিযানক লৈ এখন সংবাদমেল সম্বোধন কৰে বিধায়ক আমিনুল ইছলামে(Aminul islam against Laharijan eviction) ৷ সংবাদমেলত অংশ লৈ অসমত বৰ্তমান চৰকাৰে মুছলিম নিধন যজ্ঞ চলাইছে বুলিও অভিযোগ কৰিলে আমিনুল ইছলামে ৷
লগতে অসমৰ চৰকাৰখনে ধৰ্মীয় সংখ্যালঘুক উৎপিড়ণ চলাই নাগপুৰীয়া সকলক সন্তুষ্ট কৰিছে বলি মন্তব্য কৰিলে বিধায়কগৰাকীয়ে ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে অন্যায়ভাৱে লাহৰিজানত উচ্ছেদ চলোৱাৰ অভিযোগ উত্থাপন কৰি উচ্ছেদিত লোকসকলৰ বাবে ন্যায় বিচাৰি মানৱ অধিকাৰ আয়োগৰ দ্বাৰস্থ হোৱাৰ কথাও উল্লেখ কৰিলে বিধায়ক আমিনুল ইছলামে ৷
লগতে পঢ়ক :কোচ ৰাজবংশীৰ নামত ভুৱা OBC প্ৰমাণ পত্ৰৰ বেহা চলাইছে কোনে ?