ডিফু, ১২ অক্টোবৰ:মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কথা মতেই কাৰ্বি আংলঙৰ প্ৰশাসন ব্যৱস্থা পৰিচালিত হয় ৷ মুখ্যমন্ত্ৰী আৰু মুখ্য কাৰ্যবাহীৰ শঠা-মিতিৰালিয়ে কাৰ্বি আংলঙৰ বাবে অশুভ সংকেত কঢ়িয়াইছে ৷ এই অভিযোগ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ ৷ তেওঁ লগতে ডিমা হাছাও জিলাৰ হাজাৰ কোটি টকীয়া কেলেংকাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰত্যক্ষভাৱে জড়িত থকাৰ অভিযোগ কৰে ৷
উল্লেখ্য যে, শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এক বিশেষ কাৰ্যসূচীলৈ বুধবাৰে নিশা ডিফুত উপস্থিত হয় ৷ ডিফুত উপস্থিত হোৱাৰ পাচতেই তেওঁ এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ নেতৃত্বাধীন বিজেপি চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ তেওঁ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাচতেই কাৰ্বি আংলঙত ষষ্ঠ অনুসূচীৰ এলেকাৰ সংবিধান ভংগ কৰি দিছপুৰৰ পৰাই সকলো কাম-কাজ পৰিচালনা কৰাৰ অভিযোগ কৰে ৷
তেওঁ ইয়াৰ দ্বাৰা ৰাইজৰ সকলো আশা আকাংক্ষা সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি কাৰ্বি আংলঙৰ শাসক শ্ৰেণীক দুহাতে লুণ্ঠন কৰাৰ সুযোগ দিয়াৰ অভিযোগ কৰে ৷ পৰিষদৰ পূৰ্বৰ সকলো ঠিকাদাৰৰ উপাৰ্জনৰ স্থল নিঃশেষ কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ পৰিয়ালৰ Kase Constructionনে বৰ্তমান সকলো ঠিকা লাভ কৰাৰ অভিযোগ কৰে ৷ যাৰ বাবে জিলাখনৰ অৰ্থনৈতিক অৱস্থা ক্ৰমান্বয়ে অৱনমিত হোৱা বুলি মন্তব্য কৰে বিধায়ক গগৈয়ে ৷