অসম

assam

ETV Bharat / state

অস্ত্ৰ শস্ত্ৰ সহ দুৰ্বৃত্ত আটক - ডিফু থানা

ডিফুৰ চেচাৰলাংছত অস্ত্ৰ-শস্ত্ৰ সহ দুৰ্বৃত্ত আটক ৷ মঙলবাৰে এক গোপন সূত্ৰৰ পম খেদি ডিফু থানাৰ অ'চি চিৰাজ ইংতিয়ে সহযোগীৰ সৈতে ডিফুৰ লামডিঙ পথত মণিৰাম ৰংফাৰৰ ঘৰত চলোৱা এক অভিযানত অস্ত্ৰ শস্ত্ৰ সহ মণিৰাম ৰংফাৰক আটক কৰে ৷

অস্ত্ৰ শস্ত্ৰ সহ দুৰ্বৃত্ত আটক
অস্ত্ৰ শস্ত্ৰ সহ দুৰ্বৃত্ত আটক

By

Published : Nov 18, 2020, 10:44 PM IST

ডিফু, 18 নৱেম্বৰ:কাৰ্বি আংলঙৰ ডিফুত অস্ত্ৰ-শস্ত্ৰ সহ এজন দুৰ্বৃত্তক আটক ৷ মঙলবাৰে সন্ধিয়া ডিফুত ডিফু থানাৰ অ'চি চিৰাজ ইংতিৰ নেতৃত্বত চলা এক অভিযানত দুৰ্বৃত্ত জনক গ্ৰেপ্তাৰ কৰে ৷

আৰক্ষীৰ অভিযানত জব্দ সামগ্ৰী

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে এক গোপন সূত্ৰৰ পম খেদি অ'চি চিৰাজ ইংতিয়ে সহযোগীৰ সৈতে ডিফুৰ লামডিঙ পথত মণিৰাম ৰংফাৰৰ ঘৰত এক অভিযান চলাই এটা পিষ্টল, ২ টা ৱাকি টকী, ৬ জাঁই সজীৱ গুলী, দুযোৰ সামৰিক পোছাক আৰু ১ টা চাৰ্জাৰ উদ্ধাৰ কৰাৰ লগতে মণিৰাম ৰংফাৰক আটক কৰে ৷

ধৃত মনিৰাম ৰংফাৰে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি মণিৰাম ৰংফাৰ আৰু তেওঁৰ সতীৰ্থ সকলে অপহৰণ আৰু ডকাইতি কাৰ্যৰ পৰিকল্পনা কৰিছিল ৷ এই সন্দৰ্ভত আৰক্ষীয়ে ডিফু থানাত ২২০/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰিছে ৷ লগতে অভিযুক্তক ডিফু আদালতত হাজিৰ কৰাই 4 দিনৰ আৰক্ষীৰ জিম্মাত লৈছে ৷

কাৰ্বি আংলঙৰ ডিফুত পুনৰ একাংশ দুৰ্বৃত্ত সক্ৰিয় হৈ উঠাৰ অভিযোগ উত্থাপন হৈ অহাৰ মাজতে এনেদৰে অস্ত্ৰ শস্ত্ৰ দুৰ্বৃত্ত আটক হোৱাৰ ঘটনাই অঞ্চটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক:ৰাজনৈতিক হত্যাৰ বলি হৈছিল নেকি লাফিকুল ইচলাম !

ABOUT THE AUTHOR

...view details