অসম

assam

ETV Bharat / state

বিজেপিৰ শাসন কালত অধিক সুৰক্ষিত হৈ আছে সংখ্যালঘু সকল : ৰণজিৎ দাস - communal clash

আজমলে বিগত সময়ছােৱাত কেৱল ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ লােকসকলৰ আবেগক লৈ ৰাজনীতি কৰি আহিছে । এনে কেতবােৰ সাম্প্রদায়িক মন্তব্যৰ বাবেই বিগত চৰকাৰৰ শাসনত সাম্প্রদায়িক সংঘর্ষৰো সূচনা হৈছিল ৷ অসমৰ সংখ্যালঘু সম্প্রদায়ে এই কথা বুজি উঠি শেহতীয়াকৈ বুজনসংখ্যক সংখ্যালঘু লােকে বিজেপিত যােগদানৰ বাবে আগবাঢ়ি আহিছে ৷ - ৰণজিৎ দাস

minorities feel better safety during the tenure of bjp role in assam
minorities feel better safety during the tenure of bjp role in assam

By

Published : Jan 21, 2021, 9:07 PM IST

ডিফু, ২১ জানুৱাৰী : বিধানসভা নির্বাচন চমু চাপি অহাৰ সময়ত বিভিন্ন ৰাজনৈতিক দল সমূহে নিজ দলৰ সপক্ষে নিৰ্বাচনী কুচ-কাৱাজ তীব্ৰতৰ কৰাৰ সমান্তৰালকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ বৃহস্পতিবাৰে বোকাজানৰ সৰিয়হজান ছাই খেলপথাৰত অনুষ্ঠিত বিজেপিৰ এক দলীয় সভাত কৰ্মী সকলক সম্বোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ সভাপতি গৰাকীয়ে সংবাদ মাধ্যমৰ আগত এআইইউডিএফৰ সভাপতি মৌলনা বদৰুদ্দিন আজমলৰ সন্দৰ্ভত কয় যে, আজমলে বিগত সময়ছােৱাত কেৱল ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ লােকসকলৰ আবেগক লৈ ৰাজনীতি কৰি আহিছে । এনে কেতবােৰ সাম্প্রদায়িক মন্তব্যৰ বাবেই বিগত চৰকাৰৰ শাসনত সাম্প্রদায়িক সংঘর্ষৰো সূচনা হৈছিল ৷ সম্প্রতি বিজেপিৰ শাসনত সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত অসমৰ সংখ্যালঘু সমাজে পূর্বৰ তুলনাত অধিক সুৰক্ষা লাভ কৰা বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে। ইয়াৰ লগতে বিজেপিৰ আমােলতহে অসমৰ সংখ্যালঘু ৰাইজ সবাতােকৌ সুৰক্ষিত বুলিও দাবী কৰে বিজেপি দলৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ।

কংগ্ৰেছ-এ আই ইউ ডি এফক তীব্ৰ সমালোচনা ৰণজিৎ দাসৰ

অসমৰ সংখ্যালঘু সম্প্রদায়ে এই কথা বুজি উঠি শেহতীয়াকৈ বুজনসংখ্যক সংখ্যালঘু লােকে বিজেপিত যােগদানৰ বাবে আগবাঢ়ি অহা প্রত্যক্ষ কৰিয়েই মগজুৰ বিকৃতি হােৱা বদৰুদ্দিন আজমলে এনে মন্তব্য কৰা বুলি উল্লেখ কৰে ৰণজিৎ দাসে । আজমলৰ এনে মন্তব্যই অসমৰ ৰাইজক স্তম্ভিত কৰি তােলা বুলি মন্তব্য কৰি তেওঁৰ এনে মন্তব্যৰ পিছতে উজনিৰ আঠটাকৈ বিধানসভা সমষ্টিৰ ভােটাৰ ৰাইজে পৰৱর্তী নির্বাচনত বিজেপিক ভােটদান কৰাৰ সিদ্ধান্ত লােৱা বুলি মন্তব্য কৰে । কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাক অসমৰ জনতাই ঘৃণাৰ দৃষ্টিৰে চোৱা বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে । নতুনকৈ ৰাজ্যখনত আত্মপ্রকাশ কৰা আঞ্চলিক ৰাজনৈতিক দল দুটাৰ কোনাে সাংগঠনিক ভিত্তি নােহােৱাৰ বাবে কোনাে প্রভাৱ পেলাব নােৱেৰে বুলি দাবী কৰি সাগৰ পৃষ্ঠৰ ঢৌৰ দৰে এইদলসমূহৰ অস্তিত্ব চমুতে নিশ্চিহ্ন হ’ব বুলি ৰণজিৎ দাসে মন্তব্য কৰে ।

বোকাজানত বিজেপিৰ সভা

আনহাতে, দলীয় সভাখনতাে ভাষণ প্রদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সমাগত নির্বাচনত বিজেপি দলে শতাধিক আসনত জয়লাভ কৰাটো নিশ্চিত বুলি দাবী কৰে। বিগত সময়ছােৱাত বিজেপি চৰকাৰে হাতত লােৱা বিভিন্ন জনকল্যাণমূলক কাম-কাজ সম্পর্কে ব্যাখ্যা আগবঢ়াই সভাপতিগৰাকীয়ে বােকাজান সমষ্টিটো যােৱা সময়ছােৱাত ব্যাপক উন্নয়ন হােৱা বুলি দাবী কৰি অহা নির্বাচনত সমষ্টিটোৰ পৰা বিজেপি দলৰ প্রার্থীগৰাকীয়ে কমেও চল্লিশ হাজাৰ ভােটৰ ব্যৱধানত বিধানসভালৈ অভিলেখ সৃষ্টি কৰিব বুলি মন্তব্য কৰে । কংগ্রেছ-এ আই ইউ ডি এফকো ভাষণ প্রসংগত কঠোৰ ভাষাৰে সমালােচনা কৰে সভাপতিগবাকীয়ে । বােকাজান সমষ্টিত পূর্বে নােহোৱা উন্নয়ন সম্ভৱপৰ হােৱা বুলি দাবী কৰি বিগত সময়ছােৱাত সমষ্টিটোত ৰূপায়ণ হােৱা গুৰুত্বপূর্ণ উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙ়ি ধৰে ৷ সভাখনত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফণীন্দ্রনাথ শর্মা, কার্বি আংলং জিলা বিজেপিৰ সভাপতি ধনছিং টেৰণকে ধৰি ভালেসংখ্যক নেতা-কর্মী উপস্থিত থাকে ।

আনহাতে ৰণজিৎ দাসৰ আগমনকলৈ কাৰ্বি ছাত্ৰ সন্থাই বিৰোধিতা কৰি এক সংবাদমেলৰ আয়োজন কৰে আৰু এই সংবাদমেলত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছিমিয়ন ৰ‍ংফাৰে কয় যে, বিজেপি চৰকাৰ শাসনলৈ অহাৰ পূৰ্বে কাৰ্বি আংলঙত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ৰাজ্যিক সভাপতি ৰণজিৎ দাসে কাৰ্বি আংলঙৰ ষষ্ঠ অনুসূচীভুক্ত ২৪৪ (ক) কাৰ্যকৰী কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেয়া আজিও পূৰণ নকৰিলে ৷ বোকাজানৰ বিধায়ক ডঃ নোমল মমিনে বিধান সভাৰ মজিয়াত এই বিষয়ে এবাৰো প্ৰস্তাৱ উত্থাপন নকৰা বুলি ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে ৷

লগতে পঢ়ক :মন্ত্ৰী পীযুষৰ মন্তব্যই স্বপ্নভংগ কৰিলে বহু বিজেপি নেতাৰ !

ABOUT THE AUTHOR

...view details