কেমেৰাৰ আগত ধৰ্ষণৰ নিৰ্লজ্জ স্বীকাৰোক্তি ! - কাৰ্বি আংলং জিলাৰ ডিফু চহৰত এজনী নাবালিকা ছোৱালীক ধৰ্ষণ
ডিফু থানাত ২৪৯/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰা আৰু আৰ/ডব্লিউ পচক'ৰ ৪ মতে গোচৰ ৰুজু কৰি ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে যুৱকজনক
![কেমেৰাৰ আগত ধৰ্ষণৰ নিৰ্লজ্জ স্বীকাৰোক্তি !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4457965-thumbnail-3x2-rape-case.jpg)
ডিফু, ১৬ ছেপ্তেম্বৰ: ৰাজ্যত পুনৰ সংঘটিত হ'ল ধৰ্ষণৰ ঘটনা ৷ কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত নাবালিকা ছোৱালীক ধৰ্ষণৰ গোচৰত ৰঙাঘৰৰ আলহী হ'ল এজন যুৱক ৷ প্ৰাপ্ত তথ্য মতে, ছোৱালীজনীক দেওবাৰে নিজ ঘৰলৈ মাতি নি ধৰ্ষণ কৰে ডিফু পানবাৰী ফৰেষ্ট কলনি নিবাসী ৰাজ বসুমতাৰী নামৰ যুৱক জনে৷ এই সন্দৰ্ভত ৰাজ বসুমতাৰী নামৰ যুৱকজনৰ বিৰুদ্ধে নাবালিকা ছোৱালীজনীৰ পিতৃয়ে ডিফু নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ এই গোচৰ ভিত্তিতে ডিফু থানাত ২৪৯/১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ ধাৰা আৰু আৰ/ডব্লিউ পচক'ৰ ৪ মতে গোচৰ ৰুজু কৰি ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে যুৱকজনক৷ উল্লেখযোগ্য যে, ধৰ্ষণৰ কথা সাংবাদিকৰ আগতো স্বীকাৰ কৰে ৰাজ বসুমতাৰীয়ে ৷