অসম

assam

ETV Bharat / state

ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ ডিফুত উপস্থিত মন্ত্ৰী যোগেন মহন

ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ ডিফুত উপস্থিত মন্ত্ৰী যোগেন মহন । ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ বিচনাৰ সংখ্যা বৰ্তমান ৮ খন হোৱাৰ বিপৰীতে ইয়াত আৰু ১২ খন আই চি ইউ বিচনাৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয় ।

Diphu
ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ ডিফুত উপস্থিত মন্ত্ৰী যোগেন মহন

By

Published : May 15, 2021, 5:33 PM IST

ডিফু, ১৫ মে’: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ শাসনভাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ক'ভিডৰ জটিল পৰিস্থিতি পৰ্যালোচনাৰ বাবে নতুন মন্ত্ৰীসকলক জিলাসমূহ ভগাই দিয়ে । প্ৰতিখন জিলাৰ দায়িত্বত থাকিব সংশ্লিষ্ট মন্ত্ৰীসকল । সেই অনুসৰি, পূৱ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দায়িত্ব মন্ত্ৰী যোগেন মহনক দিয়া হৈছিল । মুখ্যমন্ত্ৰীৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি শুকুৰবাৰে কাৰ্বি আংলং জিলাত শেহতীয়া কৰ’ণাৰ সংক্ৰমণৰ বুজ ল’বলৈ উপস্থিত হয় ৰাজহ আৰু দুৰ্যোগ প্ৰশমন, পাৰ্বত্য অঞ্চল উন্নয়ন, খনি আৰু খনিজ সম্পদ মন্ত্ৰী যোগেন মহন । ডিফুৰ আৱৰ্ত ভৱনত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে কেইবাঘণ্টাজোৰা আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী । আলোচনাৰ অন্তত বিয়লি এক সংবাদমেল সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ।

ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ ডিফুত উপস্থিত মন্ত্ৰী যোগেন মহন

জিলাখনৰ স্বাস্থ্য সম্পৰ্কীয় পৰিস্থিতি সন্দৰ্ভত দুদিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰা হ’ব বুলি উল্লেখ কৰি এলেকাটোত কৰ’ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে সকলো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয় । ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউ বিচনাৰ সংখ্যা বৰ্তমান ৮ খন হোৱাৰ বিপৰীতে ইয়াত আৰু ১২ খন আই চি ইউ বিচনাৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । ক’ভিড কেয়াৰ কেন্দ্ৰসমূহত প্ৰায় ৫০০ ৰোগীক চিকিৎসা প্ৰদান কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে বুলিও উল্লেখ কৰি মন্ত্ৰী মহনে জিলাখনত প্ৰতিষেধক, চিকিৎসাকৰ্মীৰ অভাৱ আদিৰ বিষয়ে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি কয় ।

ডিফু চিকিৎসা মহাবিদ্যালয়ত চিটিস্কেন যন্ত্ৰৰ অভাৱৰ কথা উল্লেখ কৰি এই অভাৱ দূৰ কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য কৰে । লগতে ডিফুত প্ৰায় ৫০ লাখ টকাৰ ব্যয় সাপেক্ষে এখন শ্মশান নিৰ্মাণৰ কথা উল্লেখ কৰাৰ ওপৰিও ডিফু চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ বাকী থকা কাম শীঘ্ৰেই সম্পূৰ্ণ কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মহনে । ক’ভিড-১৯ ৰ বাবে চৰকাৰে যিসমূহ কঠোৰ নিয়মাৱলী বান্ধি দিছে সেইসমূহ মানি চলাৰ বাবেও সংবাদমেলত মন্ত্ৰীগৰাকীয়ে সকলোকে অনুৰোধ জনায় ।

লগতে পঢ়ক: দুলীয়াজানৰ শান্তি চাহ বাগিচাত উপস্থিত ৰামেশ্বৰ তেলী-সঞ্জয় কিষাণ

ABOUT THE AUTHOR

...view details