অসম

assam

ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত জয়ী হোৱাৰ দাবী মন্ত্ৰী যোগেন মহনৰ - Jogen Mohan at Diphu

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ (KAAC election 2022) মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনত ডিফুত প্ৰাৰ্থীৰ কাষত ঠিয় দিলে মন্ত্ৰী যোগেন মহনে ৷ বিজেপি দলে সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ২৬ খন আসনৰ আটাইকেইটাতে জয়ী হ'বলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে (Jogen Mohan on KAAC election)৷

KAAC election 2022
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত জয়ী হোৱাৰ দাবী মন্ত্ৰী যোগেন মহনৰ

By

Published : May 23, 2022, 9:13 PM IST

ডিফু, 23 মে’: অহা ৮ জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ (KAAC election 2022) বাবে সোমবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৷ এইদিনটোত ডিফু উপায়ুক্ত কাৰ্যালয়ত উপস্থিত থাকে জিলাখনৰ অভিভাৱক মন্ত্ৰী তথা পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত ডিফু নিৰ্বাচনী জিলাৰ ১০ খন পৰিষদীয় সমষ্টিৰ বাবে বিজেপিৰ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে ৷

প্ৰাৰ্থীসকলৰ মনোবল বৃদ্ধি কৰাৰ বাবে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে মন্ত্ৰীগৰাকী (Jogen Mohan at Diphu)। সংবাদ মাধ্যমৰ আগত পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহনে কয় যে, বিজেপি দলে সমাগত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ২৬ খন আসনৰ আটাইকেইটাতে জয়ী হ'বলৈ সক্ষম হ'ব । মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ যোগ্য নেতৃত্ব আৰু আন্তৰিকতাৰ বাবে জিলাখনৰ বহু উন্নয়ন হৈছে ।

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত জয়ী হোৱাৰ দাবী মন্ত্ৰী যোগেন মহনৰ

মনোনয়ন পৰ্বত দলীয় সমৰ্থক আৰু ৰাইজৰ উপস্থিতয়ে জয়ী হোৱাৰ ইংগিত বহন কৰিছে বুলি কয় মন্ত্ৰী মহনে ।

উল্লেখ্য য়ে, ৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (KAAC election date)। পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । সেই অনুসৰি 12 মে’ৰ পৰা জাৰি হৈছে নিৰ্বাচনী অধিসূচনা । কাৰ্বিআংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে' ।

মনোনয়ন পত্ৰ পৰীক্ষণৰ অন্তত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব ২৪ মে'ত । ১২ জুনত অনুষ্ঠিত হ'ব ভোট গণনা । পৰিষদখনৰ মুঠ ২৬ টা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ৭,০৩,২৯৮ গৰাকী । ইয়াৰে ৩,৫৫,৫০৩ জন পুৰুষ, ৩,৪৭,৭৯০ গৰাকী মহিলা আৰু ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

আনহাতে, মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৯০৬ টা । কাৰ্বি আংলঙৰ লুমবাজং সমষ্টিত সৰ্বাধিক ৬৯,৮১৫ গৰাকী ভোটাৰ থকাৰ বিপৰীতে বোকাজানৰ সৰুপথাৰ সমষ্টিত সৰ্বনিম্ন ১০,১২৮ গৰাকী ভোটাৰ আছে । ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ ৫৭ টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে । পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ প্ৰচাৰ চলাব পাৰিব ।

লগতে পঢ়ক :৮ জুনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ লগতে বিটিচিৰ এটা সমষ্টিৰ উপ-নিৰ্বাচন

ABOUT THE AUTHOR

...view details