ডিফু, 20ছেপ্তেম্বৰঃ অবৈধ সুৰাৰ বিৰুদ্ধে দেওবাৰে বোকাজানত অভিযান চলায় অসম আৰক্ষীয়ে ৷ বোকাজানৰ অসম নাগালেণ্ড সীমান্তত খটখটী আৰক্ষীয়ে এখন জিপচী গাড়ীৰে ডিমাপুৰ অভিমুখে লৈ যোৱা অৱস্থাত জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ জানিব পৰা মতে, একাংশ অসাধু ব্যৱসায়ীয়ে বিভিন্ন সময়ত চোৰাং ভাবে অব্যাহত ৰাখিছে অবৈধ সুৰাৰ সৰবৰাহ ।
বোকাজানত জব্দ লক্ষাধিক টকাৰ বিলাতী সুৰা - অবৈধ সুৰাৰ সৰবৰাহ
বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত খটখটী আৰক্ষীয়ে এখন জিপচী গাড়ীৰে ডিমাপুৰ অভিমুখে লৈ যোৱা অৱস্থাত জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ জানিব পৰা মতে, একাংশ অসাধু ব্যৱসায়ীয়ে বিভিন্ন সময়ত চোৰাং ভাবে অব্যাহত ৰাখিছে অবৈধ সুৰাৰ সৰবৰাহ ।
বোকাজানত জব্দ লক্ষাধিক টকাৰ বিলাতী সুৰা
যাৰ পৰিপ্ৰেক্ষিতত বিগত কিছুদিনৰ পৰা ডিমাপুৰ পথত আৰক্ষীয়ে নিশ্চিদ্ৰ তালাচী অব্যাহত ৰাখিছিল ৷ ইপিনে, খটখটী আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিলাতী সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও গাড়ীখনৰ চালকসহ সৰবৰাহকাৰীয়ে পলাই যাবলৈ সক্ষম হয় ৷ আনহাতে, জব্দ কৰা ৩৯ কাৰ্টুন বিলাতী সুৰাৰ বজাৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷