অসম

assam

ETV Bharat / state

কাৰ্বি আংলং- নাগালেণ্ড সীমান্তত কৌশলেৰে অসমৰ ভূমি বেদখল নগাৰ - অসমৰ ভূমি বেদখল

সীমান্ত এলেকাত থকা অসমৰ কার্বি আংলং জিলাৰ ভূমিখণ্ডত প্রৱেশ কৰি পথ নির্মাণৰ কাম আৰম্ভ কৰা সন্দেহযুক্ত নগা দুর্বত্তই স্থানীয় লােকক ভাবুকি প্রদান কৰাৰ এক ভিডিঅ’ ৰাজহুৱা হােৱাৰ পিছতে বিষয়টোক কেন্দ্র কৰি গভীৰ উদ্বেগ প্রকাশ কৰিছে কাৰ্বি আংলং জিলাৰ কেইবাটাও জাতীয় সংগঠনে ।

Assam Nagaland border encroachment
Assam Nagaland border encroachment

By

Published : Sep 4, 2020, 10:06 PM IST

ডিফু, 8 ছেপ্টেম্বৰ : অসম-নাগালেণ্ড সীমান্তৱর্তী তথা কার্বি আংলং জিলাৰ লাহৰীজান আৰু শংকৰটিলাৰ মাজত নাগালেণ্ডে কৌশলেৰে বে-দখল চলােৱাৰ বাবে কৌশলী পদক্ষেপ গ্রহণ কৰাৰ প্রসংগক কেন্দ্র কৰি সীমান্ত এলেকাৰ পৰিস্থিতি পুনৰ উত্তেজনাপূৰ্ণ হৈ পৰা পৰিলক্ষিত হৈছে । অলপতে, সীমান্ত এলেকাত থকা অসমৰ কার্বি আংলং জিলাৰ ভূমিখণ্ডত প্রৱেশ কৰি পথ নির্মাণৰ কাম আৰম্ভ কৰা সন্দেহযুক্ত নগা দুর্বত্তই স্থানীয় লােকক ভাবুকি প্রদান কৰাৰ এক ভিডিঅ’ ৰাজহুৱা হােৱাৰ পিছতে বিষয়টোক কেন্দ্র কৰি গভীৰ উদ্বেগ প্রকাশ কৰিছে কাৰ্বি আংলং জিলাৰ কেইবাটাও জাতীয় সংগঠনে।

এই সন্দর্ভত সাতটাকৈ সংগঠনে বৃহস্পতিবাৰে সন্ধিয়া জিলা উপায়ুক্তৰ জৰিয়তে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যলৈ এখনি স্মাৰক পত্রও প্রেৰণ কৰে। কার্বি ছাত্র সন্থা, সদৌ ডিমাচা ছাত্র সন্থা (কার্বি আংলং জিলা সমিতি), ডিমাছা ছাত্র সস্থা (কার্বি আংলং জিলা সমিতি), আছু (কার্বি আংলং জিলা সমিতি), সদৌ অসম গাের্খা ছাত্র সন্থা (কার্বি আংলং জিলা সমিতি), সদৌ অসম আদিবাসী ছাত্র সন্থা (কার্বি আংলং জিলা সমিতি) আৰু ডিজুৱা খুনাং হচমৰ তৰফৰ পৰা জিলা উপায়ুক্তগৰাকীৰ জৰিয়তে কার্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যলৈ প্রেৰণ কৰা স্মাৰকপত্রখনত এই সন্দর্ভত কেতবােৰ বিষ্ফোৰক তথ্যও উল্লেখ কৰা পৰিলক্ষিত হৈছে ।

স্মাৰকপত্রত উল্লেখ কৰা অনুসৰি, অসমৰ ভূমিৰ অন্তর্গত ডিলাই থানাৰ অন্তর্গত দলদলি সংৰক্ষিত বনাঞ্চলৰ নাগালেণ্ডৰ সীমান্তর্তী এলেকাত হেস্ফু মুক্রাং ট্রাইবেল ভিলেজ, ডিকই মডেল ভিলেজ ৱেলফেয়াৰ ডেভেলপমেন্ট কমিটি আৰু ইউনাইটেড ভিলেজ স্থাপনৰ নামত নাগালেণ্ড আৰু কিছুসংখ্যক কার্বি আংলঙৰ লােকেৰে গঠিত হােৱা এখন সমিতিৰ উদ্যোগত শেহতীয়াকৈ সীমান্তৱর্তী এলেকাত এক্সকেভেটৰ আৰু ফকলেনৰ সহায়ত জংঘল পৰিষ্কাৰ কৰাৰ লগতে নাগালেণ্ড সংযােগী এক পথ নির্মাণৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে ।

উক্ত পথছােৱা নির্মাণ সম্পূর্ণ হলে নাগালেণ্ডৰ পৰা অসমলৈ যাতায়াত তেনেই সুবিধাজনক হৈ পৰাৰ ফলত অনতিপলমে উক্ত এলেকাত নগাই ঘৰ-দুৱাৰ সাজি বে-দখল আৰম্ভ কৰিব বুলি সংগঠনসমূহে আশংকা প্রকাশ কৰে । ইতিমধ্যে উক্ত স্থানত দুটা শিবিৰ স্থাপন কৰা হৈছে বুলি স্মাৰকপত্রখনত উল্লেখ কৰি অতি শীঘ্ৰে সীমান্ত এলেকাত এই নির্মাণ বন্ধ কৰাৰ দাবী জনায় । একাংশ লােকে নগা লােকৰ পৰা উক্ত স্থানত ভূমি প্রদানৰ নামত পাঁচ হাজাৰৰ পৰা দহ হাজাৰ পর্যন্ত টকা আদায় কৰা বুলিও স্মাৰকপত্রত বিস্ফোৰক অভিযােগ উত্থাপন কৰাৰ লগতে স্মাৰকপত্ৰৰ সৈতে ধন সংগ্রহৰ ৰচিদ পর্যন্ত প্রদর্শন কৰা হয় ।

কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্যই উক্ত স্থানত স্থাপন কৰা শিৱিৰত উপস্থিত হােৱাৰ লগতে নগা গাভৰুৱে নগা মাফলাৰেৰে তেওঁলােকক
আদৰণিও জনােৱা বুলি স্মাৰকপত্রত উল্লেখ কৰা হয় । কেৱল ইমানেই নহয় উক্ত বিবাদমান এলেকাত ১৩ কিঃ মিঃ দৈর্ঘ্যৰ এক পথ নির্মাণৰ বাবে
মুখ্যমন্ত্রীৰ বিশেষ পুঁজিৰ পৰা ১৭ কেটি টকা মােকলাই দিয়া বুলিও স্মাৰকপত্রত উল্লেখ কৰা হয় ।

বিগত সময়ত কার্বি আংলঙৰ মিচিবাইলামৰ এক বিস্তীর্ণ এলেকা দখলৰ বাবে নগাই একাংশ স্থানীয় লােকৰ সহযােগত আতুৰকিমি মডেল ভিলেজ আৰু হেমফু মডেল ভিলেজ স্থাপনৰ নামত এক বে-চৰকাৰী সংস্থা গঠন কৰিছিল যদিও উক্ত এলেকাক কেন্দ্র কৰি পিচত সংঘটিত হােৱা সংঘৰ্ষত দিপাংকৰ দাস নামৰ এগৰাকী দণ্ডাধীশৰো মৃত্যু হয় । উক্ত হেম্ফু ভিলেজকে সম্প্ৰতি হেমফু মুক্রাং ভিলেজ নামেৰে নামকৰণ কৰি পুনৰ পূর্বৰ প্রক্রিয়াকে আৰম্ভ কৰা বুলিও স্মাৰকপত্রখনত উল্লেখ কৰা হয় ৷

লগতে পঢ়ক :সমাগত বিশ্বকৰ্মা পূজা: মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ

ABOUT THE AUTHOR

...view details