ডিফু, ২ ছেপ্টেম্বৰ: কার্বি আংলং জিলা এন এছ ইউ আইয়ে বুধবাৰে এখন স্মাৰক পত্রযােগে অসম বিজেপি কিষাণ মর্চাৰ উপ-সভাপতি সত্যৰঞ্জন বৰাক জিলাখনলৈ অহাৰ ক্ষেত্রত নিযিদ্ধ কৰাৰ বাবে মুখ্যমন্ত্রীলৈ এখন স্মাৰকপত্র প্রেৰণ কৰে। জিলা উপায়ুক্তৰ জৰিয়তে প্রেৰণ কৰা স্মাৰকপত্র যােগে সংগঠনটোৱে কয় যে, বহু বিতর্কিত মন্তব্যৰে ভাতৃঘাতী সংঘৰ্ষৰ সূচনা আৰু শান্তি সম্প্রীতি বিনষ্ট কৰাৰ চেষ্টা কৰাৰ বাবে সত্যৰঞ্জন বৰাই বিতর্কিত মন্তব্যৰে সংবাদমাধ্যমৰ শিৰোনামাত আছে ৷ বিগত বহুদিন ধৰি সত্যৰঞ্জন বৰাই চৰম সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে ৷ সত্যৰঞ্জন বৰা সংগঠনৰ কামৰ বাবে চলিত মাহৰ শেষৰফালে জিলাখন ভ্ৰমণলৈ আহিব বুলি গম পাই সংগঠনটোৱে বৰাৰ আগমন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে।
কার্বি আংলঙতো নিষিদ্ধ হ'ব সত্যৰঞ্জন বৰাৰ প্ৰৱেশ - satyaranjan bora
সত্যৰঞ্জন বৰা সংগঠনৰ কামৰ বাবে চলিত মাহৰ শেষৰফালে জিলাখন ভ্ৰমণলৈ আহিব বুলি গম পাই সংগঠনটোৱে বৰাৰ আগমন নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে।
![কার্বি আংলঙতো নিষিদ্ধ হ'ব সত্যৰঞ্জন বৰাৰ প্ৰৱেশ memorandum submited demanding the ban of entry satyaranjan bora](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8657328-thumbnail-3x2-diphu.jpg)
কার্বি আংলং জিলাত সত্যৰঞ্জন বৰাৰ প্ৰৱেশ নিষিদ্ধৰ দাবীত স্মাৰকপত্র প্রদান
কার্বি আংলং জিলাত সত্যৰঞ্জন বৰাৰ প্ৰৱেশ নিষিদ্ধৰ দাবীত স্মাৰকপত্র প্রদান
বৰাৰ ভ্ৰমণে অথবা তেওঁৰ বিতর্কিত মন্তব্যই জিলাখনৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকা আছে বুলি অভিযোগ কৰে সংগঠনটোৱে ৷
লগতে পঢ়ক: সাহসিকতাৰে যুঁজি কৰ'ণাক পৰাজিত কৰিলে নগাঁও কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই