ডিফু, ২২ ডিচেম্বৰ: কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত চামগুৰিত অঘটন (Massive road accident at karbi Anglong) ৷ এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ আনকি উত্তেজিত ৰাইজে জ্বলাই দিয়ে এখন ট্ৰাক ৷
অগ্নিসংযোগ এখন বালিভৰ্তি ট্ৰাকত ঘটনাৰ বিৱৰণি অনুসৰি, বুধবাৰে জিলাখনৰ চামগুৰিত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত মৃত্যু হয় বিদ্যুৎ শৰ্মা (২৬) নামৰ এজন যুৱকৰ ৷ যুৱকজনৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ ৷ আনকি উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে এখন বালিভৰ্তি ট্ৰাকত ৷
কাৰ্বি আংলঙৰ চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা লগতে আন কেইবাখনো বালি সৰবৰাহ কৰা ট্ৰাক ভাঙি চূৰমাৰ কৰে উত্তেজিত ৰাইজে ৷ পৰিস্থিতি কিছু অৱনতি ঘটাত উপায়ন্তৰ হৈ আৰক্ষীয়ে উত্তেজিত ৰাইজ ওপৰত লাঠীচাৰ্জ কৰিবলৈও বাধ্য হয় ৷
অভিযোগ অনুসৰি, উত্তেজিত ৰাইজে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰতো আক্ৰমণ কৰিবলৈ উদ্যত হয় ৷ অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৷ জানিব পৰা মতে, এই দুৰ্ঘটনাত নিহত হোৱা বিদ্যুৎ শৰ্মা আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী ৷
লগতে পঢ়ক :Accident near Kaliabhomora Bridge : কলীয়াভোমোৰা দলঙৰ সমীপত ট্ৰাক-ব্যক্তিগত বাহনৰ সংঘৰ্ষ